ETV Bharat / state

চিকিৎসাৰ বাবে ৰাজ্যবাসীক সহায় আহ্বান ধুবুৰীৰ মেধাৱী ছাত্ৰী জ্যোস্নাৰ - ধুবুৰীৰ ফকিৰগঞ্জ

এক জটিল ৰোগত আক্ৰান্ত হৈছে ধুবুৰীৰ ফকিৰগঞ্জ অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰী । নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক প্ৰয়োজন অকণমান সহায়ৰ ৷

Dhubri girl story need help for medical tratement assam etv bharat news
জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী
author img

By

Published : Mar 14, 2020, 8:33 PM IST

ধুবুৰী, 14 মাৰ্চঃ জটিল ৰোগত আক্ৰান্ত ধুবুৰীৰ ফকিৰগঞ্জ অঞ্চলৰ এগৰাকী দুখীয়া মেধাৱী ছাত্ৰী । দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জৰ ছটোকলিয়া দ্বিতীয় খণ্ড গাঁৱৰ প্ৰয়াত জয়ানউদ্দিনৰ কন্যা তথা অন্বেষা শিক্ষা নিকেতনৰ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰী জোস্না খাতুন কিছুদিনৰ পৰা আক্ৰান্ত হৈ আছে এক জটিল ৰোগত ।

Dhubri girl story need help for medical tratement assam etv bharat news
জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী

চিকিৎসকৰ মতে, যকৃতত পানী জমা হৈছে ছাত্ৰীগৰাকীৰ । চিকিৎসকে পৰামৰ্শ গ্ৰহণৰ পিছত শীঘ্ৰে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি কোৱাত সম্প্ৰতি চিন্তিত হৈ পৰিছে পৰিয়ালটো । বিগত কিছুদিন পূৰ্বে পিতৃক হেৰুওৱা ছাত্ৰীগৰাকীৰ চিকিৎসা কৰিবলৈ পৰিয়ালৰ হাতত নাই টকা-পইচা, নাই কোনো উপায় । ফলত দুৰ্ভগীয়া ছাত্ৰী তথা পৰিয়ালটোৱে উপায়হীন হৈ ৰাইজৰ সহায় বিচাৰিছে ।

ৰাইজৰ সহায়ৰ আহ্বান

ইপিনে, ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে কোনো হৃদয়বান ব্যক্তিক সহায় কৰিবলৈ আহ্বান জনাইছে সদৌ দক্ষিণ শালমাৰা-মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীয়ে ৷ সেইসূত্ৰে ছাত্ৰীগৰাকীৰ এটা বেংক একাউণ্ট নম্বৰো দিয়া হৈছে ৷ নম্বৰটো হৈছে-59095250985 CIF NO 10060 এলাহাবাদ বেংক,ধুবুৰী শাখা ৷ অসহায় ছাত্ৰীগৰাকীক আপোনাৰ অকণমান সহায়ে হয়তো এক নতুন জীৱন প্ৰদান কৰিব পাৰিব ৷

লগতে চাওকঃকৰ'ণা ভাইৰাছক লৈ সজাগতা গুৱাহাটী ষ্টেচনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.