ধুবুৰী,19 জানুৱাৰী: মঙলবাৰে ধুবুৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ২০২১ চনৰ ফটোযুক্ত ভোটাৰ তালিকাৰ চূড়ান্ত খচৰা প্ৰকাশ কৰে জিলা উপায়ুক্তই । ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাগৃহত উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ পৌৰহিত্যত আৰু ধুবুৰীৰ ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া পাৰ্থ প্ৰতিম বৰ্মন, স্থানীয় সাংবাদিক তথা সাংবাদকৰ্মী আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত চূড়ান্ত খচৰা ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷
![As_dhb_final-voter-list-has-been-released_as10041](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10304105_1.jpg)
এই খচৰাত প্ৰকাশ কৰা অনুসৰি ধুবুৰী জিলাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ এই তিনিটা বিধানসভা সমষ্টিত মুঠ ৬,০২,৪১৬ গৰাকী ভোটাৰ আছে । ইয়াৰে ধুবুৰী বিধান সভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ১,৯৫,৩০০ গৰাকী ৷ ইতিমধ্যে ভোটাৰৰ ভিতৰত তালিকাত ৪,৭৩২, গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ।
আনহাতে এই তালিকাত প্ৰকাশ কৰা অনুসৰি জিলাখনত ডি ভোটাৰৰ সংখ্যা ২,১১,৫২৪ গৰাকী । সমান্তৰালকৈ, গৌৰীপুৰ বিধান সভা সমষ্টিত ভোটাৰৰ সংখ্যা ২,০৪,৭৭৮ গৰাকী । ইয়াৰে ৫,৬৫৫ গৰাকী ভোটাৰ ইতিমধ্যে বৃদ্ধি হৈছে । ইয়াৰ বিপৰীতে ডি ভোটাৰৰ সংখ্যা ২,৩৪৪ গৰাকী ।
একেদৰে গোলকগঞ্জ বিধান সভা সমষ্টিৰ মুঠ ভোটাৰ ২,০২,৩৩৮ গৰাকী । ইয়াৰ ভিতৰত বৃদ্ধি হোৱা ভোটাৰৰ সংখ্যা ৫,৫৩৬ গৰাকী আৰু ডি ভোটাৰ ২,৪৬০ গৰাকী । তিনিওটা সমষ্টিতে ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৮৭৬ টা ।
আনহাতে প্ৰকাশ পোৱা ভোটাৰ তালিকাৰ চূড়ান্ত খচৰাত তিনিওটা সমষ্টিত মুঠ ১৫,৯২৩ গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে মুঠ ৬,৯১৯ গৰাকী ডি ভোটাৰ থকা বুলি জিলাৰ উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে জানিব দিয়ে । ধুবুৰীৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা বিধান সভা সমষ্টিত মুঠ ভোটাৰ ১,৮৭,৬১৮ গৰাকী । ইয়াৰে ৯৬,২৮৭ গৰাকী পুৰুষ আৰু ৯১,৩২৬ গৰাকী মহিলা চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক-নিবার্চনলৈ সাজু বিজেপি: চাৰি জ্যেষ্ঠ নেতাই বিচাৰিলে ৰাইজৰ পৰামর্শ