ধুবুৰী,7 মাৰ্চ: নিৰ্বাচনক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ধুবুৰী জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপ ৷ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ চমুকৈ 'ছুইপ' শীৰ্ষক কাৰ্যসূচীৰ অধীনত গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ ৷ টেৰাকোটা শিল্পৰে ৰাইজক ভোটদানৰ প্ৰতি সজাগ কৰাৰ লক্ষ্যৰে নিৰ্বাচনৰ শুভংকৰ হাটিমা পুতলা মুকলি কৰা হৈছে ধুবুৰীত ৷ জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত দেৱ কুমাৰ কলিতাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিকভাৱে শুভংকৰটি মুকলি কৰে ৷
শুভংকৰটি গঢ়া হৈছে বিখ্যাত টেৰাকোটা শিল্পী সৰলা দেৱীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিখ্যাত সৃষ্টি হাটিমাৰ অনুকৰণত ৷ মাস্ক পৰিহিত হাটিমাই ধুবুৰীৰ তিনিওটা বিধানসভা সমষ্টিৰ প্ৰতিজন ভোটদাতাক প্ৰতিনিধিত্ব কৰিব আৰু সকলোকে ক’ভিড সজাগতা মানি চলি ভোট দিবলৈ উৎসাহিত কৰিব ৷ শুভংকৰ মুকলি অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত বনশ্ৰী নাথ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালকদাৰ, অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ, ধ্ৰুৱজ্যেতি দাস, নিৰ্বাচনী বিষয়া পাৰ্থ প্ৰতীম বৰ্মন প্ৰমুখ্যে প্ৰশাসনৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে ৷