ETV Bharat / state

ভুৱা ই-পাছ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ধুবুৰী জিলা প্ৰশাসন

আন্তঃজিলা যাতায়াতৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যৰ ভিন্ন জিলাত এচাম অসাধু লোকে মুকলি কৰিছে ই-পাছৰ বেহা ৷ ধুবুৰী জিলাৰ চাপৰত সংঘটিত হৈছে এনে এক কাণ্ড ৷ ইতিমধ্যে ভুৱা ই-পাছ ব্য়ৱহাৰ কৰা বাহন আৰু যাত্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰীৰ জিলা প্ৰশাসন ৷

author img

By

Published : May 3, 2020, 11:37 AM IST

Dhubri District Administration
ভুৱা ই-পাছৰ বেহা

পূৱ বিলাসীপাৰা,3 মে’ঃ ৰাজ্য চৰকাৰৰ নেতৃত্বত অব্যাহত আন্তঃজিলা যাতায়াতৰ দেওবাৰে অন্তিম দিন ৷ ইয়াৰ বাবে প্ৰয়োজনীয় ই-পাছৰ অবৈধ পোহাৰ মেলিছে ৰাজ্যৰ একাংশ দুষ্টচক্ৰই ৷ ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰত সংঘটিত এনে ভয়ংকৰ কাণ্ডৰ তথ্য শনিবাৰে সংবাদমেলযোগে সদৰী কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত চৰফৰাছ হকে ৷ হকে সদৰী কৰা অনুসৰি জিলাখনত এটা অসাধু চক্ৰই ই-পাছৰ নামত চলাইছে ৰমৰমীয়া বেহা ৷ ইতিমধ্যে ভুৱা ই-পাছ ব্যৱহাৰ কৰা পাঁচখন বাহনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ধুবুৰী জিলা প্ৰশাসনে ৷ তদুপৰি বাহনসমূহৰ চালক আৰু যাত্ৰীৰ নামতো প্ৰশাসনে পৃথকে দাখিল কৰে এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পাঁচজন ব্যক্তিক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

ভুৱা ই-পাছৰ বেহা

অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ধুবুৰীৰ জিলা প্ৰশাসনে কোনো ধৰণৰ ই-পাছ বিতৰণ কৰা নাই বুলি সংবাদমেলত প্ৰকাশ কৰে । ই-পাছৰ নামত কোনো ব্যক্তি যাতে দুষ্টচক্ৰৰ কবলত নপৰে সংবাদ মাধ্যমৰ যোগেদি অসমবাসীলৈ আহ্বান জনাই ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।

লগতে চাওকঃ অসমত খোল খালে সুৰাৰ বিপনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.