ধুবুৰী, 30 ছেপ্তেম্বৰঃ লক ডাউনৰ সময়ছোৱাতে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা ৷ ইয়াৰ মাজতে ধুবুৰীত পোহৰলৈ আহিছে অনুৰূপ ঘটনা ৷ ধুবুৰীৰ তামাৰহাটৰ এখন বিবাহস্থলীৰ পৰা উদ্ধাৰ হয় নাবালক দৰা-কইনা ৷ কিছুদিন পূৰ্বে ধুবুৰীৰ তামাৰহাট অঞ্চলৰ এখন ভিতৰুৱা গাঁৱত আয়োজন কৰা হৈছিল এখন বাল্য বিবাহৰ ৷ ঘটনা সন্দৰ্ভত তামাৰহাট আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতেই বিবাহস্থলীত উপস্থিত হৈ দৰা-কইনাক উদ্ধাৰ কৰে যদিও দুয়োটা পৰিয়ালৰে অভিভাৱক আৰু কাজীজন পলাই যাবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে সম্প্ৰতি বাল্যবিবাহ আইনৰ অধীনত ১০/১১ ধাৰাত অভিভাৱক আৰু কাজীৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰিছে ৷ আনহাতে, দৰা আৰু কইনা উভয়কে জিলা শিশু সুৰক্ষা সমিতিক গতাই দিয়ে ৷ মঙলবাৰে এক সংবাদমেলযোগে ধুবুৰী জিলা শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ চাবিনা বেগমে সকলো তথ্য সদৰি কৰে ৷ উল্লেখ্য যে, আৰক্ষীৰ তথ্যত দৰাৰ বয়স ১৮ বছৰ উল্লেখ কৰাৰ বিপৰীতে কইনাৰ বয়স 16 বছৰ বুলি উল্লেখ আছে যদিও জন্ম প্ৰমাণ পত্ৰ অনুসৰি দৰাৰ বয়স মাত্ৰ ১২ বছৰ বুলি জনায় শিশু সুৰক্ষা সমিতিয়ে ৷
লগতে পঢ়ক-চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ