ETV Bharat / state

পূৱ বিলাসীপাৰাৰত শাল কাঠ সহ অবৈধ কাঠ ফলা মিল জব্দ

author img

By

Published : Jun 22, 2020, 11:53 AM IST

ধুবুৰীৰ পূৱ বিলাসীপাৰাৰ চাপৰত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ শাল কাঠসহ অবৈধ কাঠ ফলা মিল । চাপৰৰ কলোবাৰী PRF অঞ্চলত চলিছিল বনবিভাগৰ অভিযান ৷ বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল,বন সুৰক্ষা বাহিনী আৰু বহলপুৰ আঞ্চলিক বন বিষয়াৰ যৌথ অভিযানত জব্দ হয় চোৰাং কাঠ সহ মিলটো ।

পূৱ বিলাসীপাৰাৰত শাল কাঠ সহ অবৈধ কাঠ ফলা মিল জব্দ
পূৱ বিলাসীপাৰাৰত শাল কাঠ সহ অবৈধ কাঠ ফলা মিল জব্দ

বিলাসীপাৰা, ২২ জুন: আপুনি ভ্ৰাম্যমাণ থিয়েটাৰ,ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ কথা শুনিছে অথবা দেখিছে। কিন্তু বন মাফিয়াৰ ভ্ৰাম্যমান সেৱাৰ কথা হয়তো বহুতে নাজানে । ধুবুৰী জিলাৰ চাপৰত বন বিভাগৰ তৎপৰতাত পোহৰলৈ আহিছে বন মাফিয়াৰ চোৰাং কাঠৰ ভ্ৰাম্যমান সেৱাৰ কাহিনী।

BILASHIPARA EAST ILLEGAL WOOD SEIZED NEWS
শাল কাঠ সহ অবৈধ কাঠ ফলা মিল জব্দ

বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল,বঙাইগাঁও বন সুৰক্ষা বাহিনী আৰু বহলপুৰ আঞ্চলিক বন বিষয়াই এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ ৰাজহ চক্ৰৰ কলোবাৰী PRF অঞ্চলত চলোৱা এক অভিযানত এটা অবৈধ ভ্ৰাম্যমাণ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত মিলটোৰ সৈতে কাঠখিনিৰ মূল্য প্ৰায় আঢ়ৈ লক্ষাধিক টকা হ'ব বুলি আঞ্চলিক বন বিষয়া নাৰায়ণ ঠাকুৰীয়াই জানিবলৈ দিছে

ইপিনে,এই জব্দকৃত কাঠফলা মিলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে বুলিও বন বিষয়া নাৰায়ণ ঠাকুৰীয়াই জানিবলৈ দিয়ে।

লগতে চাওকঃ শিলচৰত আঞ্চলিক গণ মঞ্চক পূৰ্ণ সমৰ্থন জনালে কোনে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.