ধুবুৰী, 9আগষ্টঃ বিগত কেইদিনমানৰ পৰা ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । দেওবাৰে পুনৰ এক গোপন সূত্ৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীৰ দল এটাই নাকা চেকিং বহুৱাই অভিযান আৰম্ভ কৰিছিল গৌৰীপুৰৰ পিবি কলেজৰ কাষত । অভিযানৰ সময়ত ছাগলীয়াৰ পৰা গৌৰীপুৰ অভিমুখী AS17G-5709 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ষাঠি পেকেট YABA টেবলেট।
ইপিনে এই অভিযান কালত বাহনখনে তীব্ৰ বেগেৰে আহি আৰক্ষীক খুন্দিয়াই পলাই যাবলৈ চেষ্টা কৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে । আনকি আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰি পলাই যোৱাৰ চেষ্টা কৰিছিল দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে । ফলত আমজাদ আলী নামৰ এজন আৰক্ষী কনিষ্টবল আহত হয় । পিচত ড্ৰাগছ সৰবৰাহকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলিচালনা কৰিবলগীয়া হয় । আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰী আনাৰুল হক আৰু আজিজুল ইছলাম । ইপিনে আৰক্ষীয়ে জব্দ কৰা YABAখিনিৰ বজাৰ মূল্য প্ৰায় আঠ লাখ টকা হ'ব বুলি জনাইছে আৰক্ষীয়ে ।
আনহাতে ধুবুৰীৰ আমেৰভিটা অঞ্চলৰ আজিজুৰ হকৰ ঘৰত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই মজুত ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ নিচাজাতীয় ক’ফ চিৰাফ আৰু টেবলেট জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় আজিজুৰ হকক । মুঠৰ ওপৰত ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে যেন সংকল্পবদ্ধ হৈছে । ইপিনে ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ দুটাৰ পৰা আৰক্ষীয়ে আৰু কি তথ্য উদঘাটন কৰিবলৈ সক্ষম হয় সেইয়া সময়ত লক্ষণীয় হ’ব ।
লগতে পঢ়কঃ কৰ্কট আক্ৰান্ত লোকেৰে ভৰা এখন গাঁও