পূব বিলাসীপাৰা, 3 অক্টোবৰঃ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ বিলাসীপাৰা জিলা আৰু চাপৰ আঞ্চলিক সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে জনগোষ্ঠীটোৰ অস্তিত্ব আৰু স্বকীয়তাৰ লগত সংয়োজিত বিষয়সমূহ শীঘ্ৰেই নিষ্পত্তিৰ দাবীত ৰূপায়ণ কৰা হয় এক দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷
সাংবাদিকৰ সৈতে হোৱা কথা-বাৰ্তাত সংগঠনৰ প্ৰতিনিধিসকলে 2019 চনৰ ফেব্ৰুৱাৰী মাহত অসম বিধানসভাত প্ৰণয়ন হোৱা প্ৰস্তাৱ অনুসৰি অসমীয়া দেশীসকলৰ সুকীয়া গণনা অতি সোনকালে সম্পন্ন কৰা , সদ্যপ্ৰকাশিত নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা দেশী জনগোষ্ঠীৰ লোকসকলক বিশেষ ব্যৱস্থাৰ জৰিয়তে তালিকাত পুনৰ অন্তৰ্ভুক্ত কৰা আৰু বিধানসভাৰ প্ৰস্তাৱ অনুসৰি দেশীসকলৰ বাবে উন্নয়ন পৰিষদ প্ৰদান কৰাৰ দাবীত উক্ত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা বুলি ব্যক্ত কৰে ৷