ETV Bharat / state

পূৱ বিলাসীপাৰাৰ চাপৰত ভয়াৱহ পথ দুৰ্ঘটনা

author img

By

Published : Apr 29, 2021, 10:33 PM IST

পূৱ বিলাসীপাৰাৰ চাপৰৰ পাখিৰিতলস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত নিহত হৈছে এজন আৰু গুৰুতৰভাৱে আহত হৈছে আন এজন লোক ৷

dangerous road accident
পূৱ বিলাসীপাৰাৰ চাপৰত ভয়াৱহ পথ দূৰ্ঘটনা

পূৱ বিলাসীপাৰা, ২৯ এপ্ৰিল : চাপৰৰ পাখিৰিতলস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংৰ্ঘষৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা । দুৰ্ঘটনাটোত নিহত হৈছে এজন বাইক আৰোহী, লগতে গুৰুতৰভাৱে আহত হৈছে আনজন আৰোহী ৷

জানিব পৰা মতে, নিহত বাইক আৰোহীজনৰ নাম মকবুল হুছেইন আৰু গুৰুতৰভাৱে আহত আনজনৰ নাম মুছা শ্বেখ । উন্নত চিকিৎসাৰ বাবে দুয়োকে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷

বঙাইগাঁৱৰে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মকবুল হুছেইনক লৈ যোৱা হয় যদিও, চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত মকবুল হুছেইনৰ ঘৰ চাপৰৰ ৰৌমাৰীত বুলি জানিব পৰা গৈছে ৷ আনহাতে, ট্ৰাকৰ তলত পৰি ইতিমধ্যে আহত মুছা শ্বেখে দুয়োখন ভৰি হেৰুৱাইছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :কৰ'ণাতংক : বাংগালুৰুৰ শ্মশানত অহৰহ জ্বলিছে চিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.