ETV Bharat / state

ধুবুৰীত কৃষকৰ মাজত হাহাকাৰ

author img

By

Published : May 26, 2020, 7:30 PM IST

ধুবুৰীত ভয়ংকৰ বান ৷ হাজাৰ হাজাৰ ধান খেতি বান ডুব যোৱাৰ ফলত এতিয়া মুৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে কৃষক সকৰল ৷ ক্ষতিগ্ৰস্ত কৃষক সকলৰ বাবে বিশেষ সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ইয়াৰ স্থানীয় কৃষক সকলে।

ETV BHARAT
ধুবুৰীত কৃষকৰ মাজত হাহাকাৰ

ধুবুৰী, 26 মেঃ ধুবুৰীত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় ৷ বানত ডুব গৈছে হাজাৰ হাজাৰ বড়ো ধান খেতি ৷ মুৰে কঁপালে হাত দিবলগীয়া হৈছে এতিয়া কৃষক সকলৰ বানাক্ৰান্ত ৰাইজে ৷

ধুবুৰীত কৃষকৰ মাজত হাহাকাৰ

কৰণাতংক আৰু দীঘলীয়া লক ডাউনে বিধ্বস্ত কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৃষক সকলৰ সপোন। কিন্তু কৃষকৰ সেই সপোনো তচ নচ কৰি দিলে ভয়াৱহ কৃত্ৰিম বানে। কৃত্ৰিম বানৰ কবলত পৰি ধুবুৰীত কৃষকৰ মাজত হাহাকাৰ। দীঘলীয়া লক ডাউনৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা খনৰ হেজাৰ হেজাৰ কৃষক ব্যপক হাৰত ক্ষতিগ্ৰস্ত হবলগীয়া হৈছিল। লক ডাউনৰ সময়তো বহু কষ্ট কৰি ধুবুৰী জিলাৰ হেজাৰ হেজাৰ কৃষকে কৰিছিল ইৰি ধানৰ খেতি। কিন্তু তেনে সময়তে যোৱা কেইটা দিনৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰী জিলাতো ভয়াৱহ কৃত্ৰিম বান পানীৰ সৃষ্টি হয়। কৃষি প্ৰধান জিলা খনৰ প্ৰতিটো পঞ্চায়তত কৃষক সকলে এইদৰে ইৰি ধানৰ খেতি কৰিছিল। একেদৰে ধুবুৰীৰ আদাবাৰী গাঁও পঞ্চায়তৰ ৰৌৱা দ্বিতীয় খণ্ড গাঁওৰ শতাধিক কৃষকে কৰিছিল প্ৰায় এহেজাৰ বিঘা ইৰি ধানৰ খেতি। কিন্তু ইৰি ধান চপোৱাৰ প্ৰাক ক্ষণতেই ভয়াৱহ বানে বুৰাই পেলায় অঞ্চলটো । পানী ভয়াৱহ ভাবে বৃদ্ধি পাবলৈ ধৰাত কৃষক সকলে পানীত বুৰ যোৱা ধান চপোৱাবলৈ বাধ্য হৈছে। ইয়াৰে শ শ বিঘা ধান চপোৱাবলৈ সক্ষম হোৱা নাই কৃষকে। ফলত ব্যাপক লোকচানৰ সন্মুখীন হল কৃষক সকল । ইপিনে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ অধীনত ইয়াৰ কৃষক সকলৰ একাংশই দুই হেজাৰকৈ টকা পাইছে যদিও বহু কৃষক নোপোৱাকৈ থকাৰ অভিযোগ কৰে কৃষক সকলে । এতিয়া চৰকাৰে ধুবুৰী জিলাৰ ক্ষতিগ্ৰস্ত কৃষক সকলৰ বাবে বিশেষ সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ইয়াৰ স্থানীয় কৃষক সকলে। জিলাখনৰ হাজাৰ হাজাৰ বিঘাত ইৰিধান আৰু মৰাপাটৰ খেতি সম্পূৰ্ণৰূপে ধ্বংস হৈছে। যদিও চৰকাৰে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয় ।

লগতে পঢ়ক- তিনিচুকীয়াত বানৰ সংহাৰী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.