ধুবুৰী, 31 জানুৱাৰী : সীমান্ত সুৰক্ষা বাংলাদেশ চমুকৈ বিজিবি আৰু বিএছএফৰ যৌথ উদ্যোগত যোৱা 10 জানুৱাৰীত উলিওৱা মৈত্ৰী চাইকেল ৰেলীৰ শনিবাৰে অসম বংগ সীমান্তৰ ধুবুৰী জিলাৰ গোলকগঞ্জত প্ৰৱেশ কৰে । 13 জনীয়া বিএছএফৰ দলটোক গোলকগঞ্জৰ অসম বংগ সীমান্তৰ ৰামৰাইকুঠীত 110 নং বেটলিয়ন আৰু স্থানীয় ৰাইজে ঢোলে-দগৰে উষ্ম আদৰণি জনায় । দেশমাতৃৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰে অসম বংগ সীমান্ত ।
উল্লেখযোগ্য যে, 1971 চনৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ মজিবৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে সীমান্ত নিৰাপত্তা বাহিনীয়ে 10 জানুৱাৰীত 'মৈত্ৰী চাইকেল ৰেলী' আৰম্ভ কৰে । এই চাইকেল ৰেলীত 13 জন বিএছএফ জোৱানে অংশগ্ৰহণ কৰে । পশ্চিমবংগৰ সুন্দৰবনৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলীৰ অহা 17 মাৰ্চত মিজোৰামলৈ যাব । সীমান্ত লোকসকলৰ মাজত বন্ধুত্বৰ সম্পৰ্ক বৃদ্ধি কৰাৰ উদ্দেশ্যে এই 'মৈত্ৰী চাইকেল ৰেলী' আৰম্ভ কৰা হয় ।