ETV Bharat / state

কেনে আছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি কুটিৰ শিল্প গাঁও - Terakat gaon from Dhuburi

ৰাজ্যৰ আন সমুহ ঠাইৰ দৰেই একেই পৰিৱেশে বিৰাজ কৰিছে প্ৰখ্যাত ধুবুৰীৰ আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱত ৷ জনশূন্য হৈ পৰিছে সদাব্যস্ত ৰাজপথটো ৷ গৃহবন্দী গাঁওখনৰ প্ৰতিটো পৰিয়াল ৷

Current Situation of Terakat gaon of Dhuburi
কেনে আছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি কুটিৰ শিল্প গাঁও
author img

By

Published : Apr 27, 2020, 8:51 PM IST

Updated : Apr 27, 2020, 8:59 PM IST

ধুবুৰী, 27 এপ্ৰিল: মহামাৰী কৰ'ণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে 24 মাৰ্চৰ পৰা দেশজুৰি বলবৎ হৈ আছে লক ডাউন ৷ লক ডাউনৰ ফলত স্তব্ধ হৈ পৰিছে বিশ্ববাসীৰ স্বাভাৱিক জনজীৱন ৷ কৰ'ণাৰ আতংকত ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকি কৰণাৰ বিৰুদ্ধে যুঁজ দিছে দেশ তথা ৰাজ্যবাসীয়ে ৷ এই অভাৱনীয় পৰিস্থিতিত বন্ধ হৈ পৰিছে সকলো ব্যৱসায় বাণিজ্য ৷ এই আতংময় পৰিৱেশত বাহাল থকা লক ডাউনৰ প্ৰভাৱ পৰিছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱটো ৷

কেনে আছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি কুটিৰ শিল্প গাঁও

ৰাজ্যৰ আন সমুহ ঠাইৰ দৰেই একেই পৰিৱেশে বিৰাজ কৰিছে প্ৰখ্যাত ধুবুৰীৰ আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱত ৷ জনশূন্য হৈ পৰিছে সদাব্যস্ত ৰাজপথটো ৷ গৃহবন্দী গাঁওখনৰ প্ৰতিটো পৰিয়াল ৷ গাঁওখনত পূৰ্বৰ দৰে নাই জনসমাগম তথা ব্যৱসায়িক ব্যস্ততা ৷ লক ডাউনৰ ফলত একপ্ৰকাৰ বিপদত পৰিছে গাঁওখনৰ প্ৰায় ডেৰ শতাধিক শিল্পী পৰিয়াল ৷ সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে গাঁওখনত নিৰ্মিত বিভিন্ন শিল্পজাত সামগ্ৰীৰ ব্যৱসায় ৷ দৰাচলতে আশাৰীকান্দি কুটিৰ শিল্প গাঁৱৰ পৰা মাটিৰে নিৰ্মিত বিভিন্ন শিল্পজাত সামগ্ৰী ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় ৷ লগতে গাঁওখনত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ লগতে চাবলৈ গাঁও খনলৈ আগমণ ঘটে বহু দেশী বিদেশী পৰ্যটকৰ ৷ কিন্তু লক ডাউনৰ বাবে বন্ধ পৰিছে সকলো ৷

Current Situation of Terakat gaon of Dhuburi
কেনে আছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি কুটিৰ শিল্প গাঁও

ইপিনে চৰকাৰৰ ফালৰ পৰা কেৱল সামান্য চাউল যোগান দিয়াৰ বাহিৰে আন একো সাহাৰ্য আগবঢ়োৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ব্যৱসায়ীয়ে ৷ দেশৰ অৰ্থনীতিৰ লগতে মৃৎশিল্প খণ্ডত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই গাঁওখনৰ শিল্পী সকলক এই বিপদৰ সময়ত চৰকাৰে এতিয়া কেনেদৰে সহায় কৰে সেইয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়কঃ মঙলবাৰৰ পৰা খুলিব পাৰিব গ্ৰামাঞ্চলৰ দোকান-পোহাৰঃ কেবিনেটৰ সিদ্ধান্ত

Last Updated : Apr 27, 2020, 8:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.