ETV Bharat / state

Corruption in dumping ground: বিলাসীপাৰা পৌৰসভাত ভয়ংকৰ লুন্ঠনৰাজ

author img

By

Published : Oct 18, 2022, 1:14 PM IST

বিলাসীপাৰা পৌৰসভাত ভয়ঙ্কৰ লুন্ঠনৰাজ(Corruption in Bilasipara Municipality) । চহৰখনৰ ডাম্পিং গ্ৰাউণ্ডটো পৌৰসভাৰ বাবে এক প্ৰকাৰৰ সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে । নিবিদা আহ্বান নকৰাকৈয়ে গোপনে কামৰ আবন্টনৰ অঘোষিত প্ৰতিযোগিতা চলাৰ অভিযোগ উত্থাপন হৈছে পৌৰসভাৰ বিৰুদ্ধে(Laying the foundation stone without tender) ।

corruption in dumping ground tender in bilasipara
বিলাসীপাৰা পৌৰসভাত ভয়ংকৰ লুন্ঠনৰাজ

বিলাসীপাৰা,১৮ অক্টোবৰ: যিটো সময়ত চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে, তেনে সময়তে বিলাসীপাৰা পৌৰসভাত অস্বাভাৱিক দুৰ্নীতি চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে(Corruption in Bilasipara Municipality) । চহৰখনত ৯ নং ৱাৰ্ডস্থিত হাকামাত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত যধে মধে ধন ঘটাৰ অঘোষিত প্ৰতিযোগিতা চলাৰ অভিযোগ উত্থাাপন হৈছে ।

বিলাসীপাৰা পৌৰসভাত ভয়ংকৰ লুন্ঠনৰাজ

মঙলবাৰে সম্পূৰ্ণ বৈদিক প্ৰথা, ৰীতি নীতি অনুসৰি পৌৰপতি মনালিছা দাস, অভিযন্তা দীপক দেৱ,কাৰ্যবাহী বিষয়া ৰূপকমল ৰাভাৰ লগতে ৱাৰ্ড আয়ুক্তসকলৰ উপস্থিতিত গ্ৰাউণ্ডখনত জাৱৰ নিষ্কাশনৰ বাবে ৬০ লাখ টকীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় । পিছে কোনো নিবিদা আহ্বান নকৰাকৈয়ে আবন্টিত কামৰ আধাৰশিলা কিদৰে স্থাপন কৰিলে সেয়া ৰাইজৰ বাবে নুবুজা সাঁথৰ আৰু কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে(Laying the foundation stone without tender) ।

এইক্ষেত্ৰত কাৰ্যবাহী বিষয়া আৰু পৌৰপতিৰ বক্তব্য অমিল হোৱাত উত্থাপিত অভিযোগৰ সত্যতাকে প্ৰমাণিত কৰিলে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কাৰ্যবাহী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে বাতৰি কাকতত নিবিদাৰ বিজ্ঞাপন দিয়া হৈছে বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে । লগতে বিষয়াগৰাকীয়ে গুজৰাটৰ এটা কোম্পানীয়ে এই নিবিদা লাভ কৰে বুলি উল্লেখ কৰে ।

কিন্তু এইক্ষেত্ৰত অজ্ঞতা প্ৰকাশ কৰিলে পৌৰপতি গৰাকীয়ে । নিবিদা নোহোৱাকৈ কেনেকৈ আধাৰশিলা স্থাপন কৰা হ'ল বুলি কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কেৰোণ লাগিল পৌৰপতিগৰাকীৰ(Corruption in construction of dumping ground) । কাৰ্যবাহী বিষয়াই উল্লেখ কৰা নিবিদা প্ৰসংগ তেঁও কাৰ্যালয়লৈ নহাৰ বাবে জ্ঞাত নহয় বুলি দায়সৰা মন্তব্য কৰে পৌৰপতিগৰাকীয়ে ।

ইফালে এই প্ৰসংগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে । AJYCP এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে । বিলাসীপাৰা পৌৰসভাই পূৰ্বৰে পৰা এনে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে । পৌৰপতি, কাৰ্যবাহী বিষয়াই ঠিকাদাৰৰ পৰা বুজন অংকৰ ধন লৈ নিবিদা নোহোৱাকৈ আধাৰশিলা স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে AJYCP নেতাই । এই ক্ষেত্ৰত ধুবুৰী জিলা উপায়ুক্তৰ হস্তক্ষেপৰ লগতে অতিশীঘ্ৰে এই কাম বন্ধ কৰাৰ দাবীও উত্থাপন কৰে AJYCP য়ে ।

লগতে পঢ়ক: 75th years of NCC: NCC ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.