ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ বাবে ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শেহতীয়াকৈ ৰন্ধন গেছৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীতে শনিবাৰে ধুবুৰীত প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ৷ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ নিৰ্দেশনা অনুসৰি ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ কংগ্ৰেছে ৷

ধুবুৰী
মূল্যবৃদ্ধি ৰোধৰ বাবে ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Feb 15, 2020, 10:53 PM IST

ধুবুৰী, 15 ফেব্ৰুৱাৰীঃ ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ । মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীতে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শেহতীয়াকৈ ৰন্ধন গেছৰ অস্বাভাৱিক মূল্যবৃদ্ধি ঘটাত বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । যাৰ বাবে শনিবাৰে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ নিৰ্দেশনা অনুসৰি ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাপ হুছেইন মণ্ডলৰ নেতৃত্বত ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ধুবুৰী
মূল্যবৃদ্ধি ৰোধৰ বাবে ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

জিলা যুৱ কংগ্ৰেছী সকলৰ লগতে ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ লগতে একাংশ মহিলা কংগ্ৰেছীয়ে হাতে হাতে দলীয় পতাকা আৰু প্লেকাৰ্ড লৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিস্থিতি ।

উল্লেখ্য যে, প্ৰথমতে ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা কৰে যদিও ধুবুৰী আৰক্ষীয়ে প্ৰতিবাদী সমদল উলিওৱাত বাধা প্ৰদান কৰে ।

আৰু পঢ়কঃ নগাঁৱত বিদ্যালয়তে আত্মহত্যা দশম শ্ৰেণীৰ ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.