ETV Bharat / state

ধুবুৰীত সহস্ৰাধিক কংগ্ৰেছীৰ অগপত যোগদান

author img

By

Published : Sep 11, 2019, 10:19 PM IST

অসম গণ পৰিষদৰ ধুবুৰী জিলা কাৰ্যালয়ত শ শ লোকৰ ভিৰ ৷ লোকাৰণ্য কাৰ্যালয় চৌহদ ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে দলটোৱে হাতত লৈছে সদস্য ভৰ্তি অভিযান ৷

ধুবুৰীত সহস্ৰাধিক কংগ্ৰেছীৰ অগপত যোগদান

ধুবুৰী,11 চেপ্তেম্বৰঃ অসম গণ পৰিষদৰ ধুবুৰী জিলা কাৰ্যালয়ত শ শ লোকৰ ভিৰ ৷ লোকাৰণ্য কাৰ্যালয়টোৰ চৌহদ ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে দলটোৱে হাতত লৈছে সদস্য ভৰ্তি অভিযান ৷ সেই অনুসৰি বুধবাৰে অগপ নেতা ভূপেন ৰায়ৰ লগতে আন কেইবাগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতৃবৰ্গৰ উপস্থিতিত ধুবুৰী চহৰৰ বিভিন্ন ৱাৰ্ডৰ মুঠ 1100 লোকে কংগ্ৰেছৰ পৰা অগপত যোগদান কৰে ৷ ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত দল স্থিতিৰ কথা দোহাই দি ভূপেন ৰায়ে কয় যে সম্পূৰ্ণ আলাপ আলোচনাৰ মাধ্যমেৰে বিধেয়ক খন সংসদত উত্থাপন কৰা হ'ব আৰু এই ক্ষেত্ৰত জনসাধাৰণে শংকিত হোৱাৰ কোনো কাৰণ নাই ৷

Intro:আজি লোকে লোকৰণ্য হৈ পৰিল অসম গণ পৰিষদৰ ধুবুৰী জিলা কাৰ্য্যালয়। ভিৰ দি বাট নোপোৱা হৈছে মানুহ। কিন্তু হঠাৎ এনে পৰিৱেশ কিয় হল অসম গণ পৰিষদৰ কাৰ্য্যালয়ত।

Body:
অসম গণ পৰিষদৰ ধুবুৰী জিলা কাৰ্য্যালয়ত শ শ লোকৰ ভিৰ। ভিৰ দি বাট নোপোৱা হৈছে মানুহ। যেন নতুন ৰূপ পাইছে অসম গণ পৰিষদৰ কাৰ্য্যালয়। আচলতে কাৰ্য্যালয় খনত অনুষ্ঠিত হৈ আছে সদস্য ভৰ্তিকৰণ সভা। আগন্তক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে অসম গণ পৰিষদে হাতত লৈছে সদস্য ভৰ্তিকৰণ কাৰ্য্যসূচী। সেই অনুসৰি আজি ধুবুৰীত উপস্থিত হোৱা অগপ নেতা ভূপেন ৰায়ৰ লগতে আন কেইবাগৰাকী ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ নেতৃবৰ্গৰ উপস্থিতিত ছালমা খাতুন আৰু ইয়াছমিন খাতুনৰ নেতৃত্বত ধুবুৰী চহৰৰ বিভিন্ন ৱাৰ্ডৰ পৰা মুঠ এঘাৰ শ লোক কংগ্ৰেছৰ পৰা অগপ দলত যোগদান কৰে।

Byte:- ( 13 ) ভূপেন ৰায়

ইপিনে বিধান সভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত প্ৰকাশ কৰা স্থিতিৰ বিপৰীতে অগপৰ স্থিতি জানিব বিচৰাত অগপ নেতা গৰাকীয়ে কয়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভদ আমাৰ দলৰ স্থিতি আছে। কেন্দ্ৰীয় চৰকাৰে আমাক আশ্বাস দিছে যে, সকলোৱে মিলি আলোচনাৰ মাজেৰে বিধেয়ক খন উত্থাপন কৰা হব আৰু এই ক্ষেত্ৰত আমি সহযোগ কৰিম। ইপিনে এন আৰ চি সন্দৰ্ভত দলীয় স্থিতি সম্পৰ্কে জানিব বিচৰাত অগপ নেতা গৰাকীয়ে এন আৰ চিৰ পৰা বহু ভূমিপুত্ৰ বাদ পৰিছে বুলি কৈ এন আৰ চি শুদ্ধ ৰূপত প্ৰকাশ পোৱা নাই বুলি মন্তব্য কৰে। আনহাতে অগপ দলে এখন শুদ্ধ এন আৰ চি প্ৰকাশ পোৱাটো বিচাৰে বুলি উল্লেখ কৰে অগপ নেতা ভূপেন ৰায়ে।

Byte:- ( 14 ) ভূপেন ৰায়।

Conclusion:উল্লেখযোগ্য যে, আজি অগপ নেতা গৰাকীয়ে কৰা মন্তব্য অনুসৰি অসমবাসীয়ে বিৰোধিতা কৰি অহা বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক খন অগপ দলে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে। এতিয়া ৰাজ্যবাসীয়ে এই বিতৰ্কিত বিধেয়ক খন মানি লয় নে নলয় সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.