ধুবুৰী, 7 অক্টোবৰ : যি সময়ত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি ৰাজ্যত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ৰাজনৈতিক মিত্ৰতাৰ আলোচনা চলি আছে, তেনে সময়ত ধুবুৰীৰ ভোগদহৰ গাঁও পঞ্চায়তত এখন এম জি এনেৰেগা আঁচনি ৰূপায়নক কেন্দ্ৰ কৰি সৃষ্টি হৈছে সমস্যাৰ । পঞ্চায়তটোৰ সভানেত্ৰী হৈছে এ আই ইউ ডি এফ দলৰ আৰু উপ সভাপতি হৈছে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত । কিন্তু বৰ্তমান পঞ্চায়টোত চলিছে ৰাজনৈতিক ক্ষমতাৰ যুঁজ ।
![CONGRESS-AIUDF CLASH MAKES DEVELOPMENT SLOWER AT DHUBRI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-07oct-press-meet-7203850_07102020173107_0710f_02186_126.jpg)
উল্লেখ্য যে, কিছুদিন পূৰ্বে ভোগদহৰ পঞ্চায়ত এলেকাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এম জি এনেৰেগা চতুৰ্দশ বিত্তীয় সাহায্য পুঁজি আঁচনিৰ দ্বাৰা বাঁহৰ পাৰকুপাইনৰ কাম আৰম্ভ কৰা হয়। তেনে সময়তে পঞ্চায়তৰ উপ সভাপতি নিজাম উদ্দিনে পাৰকুপাইনৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন কৰিছিল । কিন্তু বুধবাৰে পঞ্চায়তটোৰ সভানেত্ৰী আজমিনাৰা খাতুনে নিজৰ স্বামী আৰু দলীয় সমৰ্থকক লগত লৈ এখন সংবাদমেলৰ আয়োজন কৰি তেনে অভিযোগ খণ্ডন কৰি পঞ্চায়তটোত ৰাজনৈতিক কূটনীতি আৰম্ভ হৈছে বুলি অভিযোগ উত্থাপন কৰে ।
আনকি পঞ্চায়তৰ কামত বিধায়ক জড়িত থকা বুলি উপ সভাপতি গৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে এ আই ইউ ডি এফৰ নেতা কৰ্মী সকল । এতিয়া পঞ্চায়ত সভানেত্ৰী আৰু উপ সভাপতিৰ মাজত চলি থকা ৰাজনৈতিক যুঁজে ৰাইজৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । মুঠৰ ওপৰত পঞ্চায়ত খনত দুটা দলৰ প্ৰতিনিধি নিৰ্বাচিত হোৱাৰ ফলত ৰাজনৈতিক যুঁজে স্থবিৰ কৰিছে উন্নয়ন ।
লগতে পঢ়ক : নগাঁৱত মাধ্যম আন্দোলনৰ জাতীয় শ্বহীদ অনিল বৰাক স্মৰণ