ETV Bharat / state

কৰ'ণা ভাইৰাছৰ বাবে যাৱতীয় সতৰ্কতা ব্যৱস্থা গ্ৰহণ ধুবুৰী অসামৰিক চিকিৎসালয়ত - ডাঃ বি.কে দাস

চৰকাৰৰ নিৰ্দেশনা অনুসৰি কৰ'ণা ভাইৰাছৰ বাবে ইতিমধ্যে যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা সম্পন্ন কৰিছে ধুবুৰী জিলা স্বাস্থ্য বিভাগে ৷ ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰোগী সকলৰ বাবে ইতিমধ্যে চাৰিখন বিচনাসহ এটা বিশেষ কোঠাৰ ব্যৱস্থা কৰিছে ধুবুৰী অসামৰিক চিকিৎসালয়ত ৷

ক'ৰণা ভাইৰাছৰ আতংক
ক'ৰণা ভাইৰাছৰ আতংক
author img

By

Published : Mar 8, 2020, 9:48 AM IST

Updated : Mar 8, 2020, 10:17 AM IST

ধুবুৰী, 8 মাৰ্চঃ চীনৰ পিচত এইবাৰ ভাৰতৰ ভিন্ন প্ৰান্তত বিৰাজ কৰিছে কৰ'ণা ভাইৰাছৰ আতংক ৷ এনে আতংক বিৰাজ কৰাৰ সময়তে ধুবুৰীত ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি ইতিমধ্যে যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা সম্পন্ন কৰিছে ধুবুৰী জিলা স্বাস্থ্য বিভাগে ৷ ধুবুৰী অসামৰিক চিকিৎসালয়ত ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰোগী সকলৰ বাবে ইতিমধ্যে চাৰিখন বিচনাসহ এটা বিশেষ কোঠাৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে এখন জৰুৰী সভা অনুষ্ঠিত কৰি চিকিৎসালয় খনৰ বিশিষ্ট চিকিৎসক ডাঃ ৰফিকুল ইছলামৰ নেতৃত্বত দুগৰাকী নাৰ্চ, এগৰাকী পেথ'লজিষ্ট আৰু এগৰাকী মাইক্ৰবাইয়'লজিষ্টকে ধৰি ছয় জনীয়া এখন ৰেপিড ৰেস্পন্স টীম গঠন কৰা হৈছে । চিকিৎসালয়খনত পৰ্য্যাপ্ত পৰিমাণৰ N95 মাক্স মজুত ৰখা হৈছে বুলি উল্লেখ কৰে চিকিৎসালয় খনৰ অধীক্ষক ডাঃ বি.কে দাসে ৷ উল্লেখ্য যে জিলাখনৰ একমাত্ৰ অসামৰিক চিকিৎসালয় খনত ক'ৰণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও সকলো ৰাইজকে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় চিকিৎসালয়ৰ অধীক্ষক গৰাকীয়ে ৷

কৰ'ণা ভাইৰাছৰ বাবে যাৱতীয় সতৰ্কতা ব্যৱস্থা গ্ৰহণ ধুবুৰী অসামৰিক চিকিৎসালয়ত

লগতে পঢ়কঃ

কৰ'ণা ভাইৰাছকলৈ আতংকিত সত্ৰনগৰী মাজুলী !

Last Updated : Mar 8, 2020, 10:17 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.