ETV Bharat / state

ধুবুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত চিমেণ্ট ভৰ্তি ট্ৰাক - ধুবুৰী

কথমপি প্ৰাণ ৰক্ষা পৰে চালকসহ হেণ্ডিমেনৰ

ধুবুৰীত দুৰ্ঘটনাত পতিত চিমেণ্ট ভৰ্তি ট্ৰাক
author img

By

Published : Mar 16, 2019, 10:55 AM IST

ধুবুৰী, 16 মাৰ্চ : শনিবাৰে পুৱতি নিশা ধুবুৰী জিলাৰ মাক্ৰিঝৰাৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত চিমেণ্ট ভৰ্তি ট্ৰাক ৷ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা চালকসহ হেণ্ডিমেনৰ । সোণাপুৰৰ পৰা পশ্চিমবংগৰ কোচবিহাৰলৈ চিমেন্টৰ বেগ কঢ়িয়াই নি থকাৰ সময়তে ধুবুৰীত দুৰ্ঘটনাত পতিত হয় GJ ১২ BV ০৯০৫ নম্বৰৰ চিমেন্ট ভৰ্তি ট্ৰাকখন ৷ চালকৰ অভিযোগ অনুসৰি, ঠেক ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষৰ মাটিত ৰলিং নকৰি ঠিকাদাৰে দায়িত্ব সামৰাৰ বাবেই ট্ৰাকৰ চকা পিচল খাই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ট্ৰাকখন । উল্লেখ্য যে, বিভাগীয় কৰ্তৃপক্ষৰ চৰম অমনোযোগিতাৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ কাম অতি নিম্নমানদণ্ডৰ হোৱাৰ ফলতে পথচোৱাত সঘনাই সংঘটিত হৈ আহিছে এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা ।

SLUG- A_DHB_801_802_16MARCH_ACCIDENT_VIS+BYTE_SHAHANUR
Date:- 16/03/19
( Files send through MOJO )

     Anchor:- ধুবুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল চিমেণ্ট ভৰ্তি ট্ৰাক।কথমপি প্ৰাণ ৰক্ষা ট্ৰাক চালকৰ। ৰাষ্ট্ৰীয় ঘাই পথৰ দুকাষৰ মাটি উপযুক্ত ৰ'লিং নোহোৱাৰ অভিযোগ স্বয়ং ট্ৰাক চালকৰ।

    vo:- আজি পুৱতি নিশা ধুবুৰী জিলাৰ মাক্ৰিঝৰাৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চিমেণ্ট ভৰ্তি ট্ৰাক দূৰ্ঘটনাত পতিত হয়৷ পথ নিৰ্মাণত ভয়াৱহ দুৰ্নীতিৰ ফলতেই সঘনাই সংগঠিত হয় পথ দুৰ্ঘটনা। যদিওঁ আজিৰ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালক হেণ্ডিমেনৰ। জি জে ১২/বি ভি/০৯০৫ নম্বৰৰ চিমেন্ট পৰিবাহী ট্ৰাকখন গুৱাহাটীৰ সোণাপুৰৰ পৰা পশ্চিমবংগৰ কোচবিহাৰলৈ চিমেন্টৰ বস্তা কঢ়িয়াই নি আছিল৷ চালক গৰাকীয়ে অভিযোগ কৰা মতে, অতিকৈ ঠেক ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো কাষৰ মাটিত ৰলিং নকৰি ঠিকাদাৰে দায়িত্ব সামৰাৰ বাবে ট্ৰাকৰ চকা পিছলি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। যদিও সৌভাগ্যক্ৰমে কোনোৱে আঘাত নোপোৱাকৈ ৰক্ষা পৰে৷ উল্লেখযোগ্য যে, বিভাগীয় কৰ্তৃপক্ষৰ চৰম অমনোযোগিতাৰ বাবেই ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মেৰামতিৰ ঠিকা লাভ কৰা ঠিকাদাৰে নিজৰ ইচ্ছা মতেই যেনে তেনেকৈ ঘাই পথ নিৰ্মাণৰ কাম কৰি গৈছে। যাৰ ফলত সঘনাই ধুবুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈ আহিছে এটাৰ পিছত এটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা।

                             Byte:- ট্ৰাক চালক

    ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.