ETV Bharat / state

নয়াহাটত নিশা আৰক্ষীৰ অভিযানত জব্দ ৮টা গৰু

author img

By

Published : Aug 26, 2021, 7:25 PM IST

প্ৰশাসনক প্ৰত্যাহ্বান জনাই বাংলাদেশলৈ চোৰাংভাৱে গৰু সৰবৰাহৰ চেষ্টা । চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষীৰ অভিযান । বুধবাৰে নিশা বিলাসীপাৰাৰ নয়াহাটত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৮টা গৰু ।

CATTLE SMUGGLING AT BILASHIPARA
নয়াহাটত নিশা আৰক্ষীৰ অভিযানত জব্দ ৮টা গৰু

পশ্চিম বিলাসীপাৰা, ২৬ আগষ্ট: আৰক্ষীৰ অভিযান, শাস্তি এইবোৰক লৈ যেন অলপো শংকিত নহয় গৰু সৰবৰাহকাৰী । আৰক্ষীয়ে যিমানেই কঠোৰ স্থিতি গ্ৰহণ কৰে, অসাধু চক্ৰয়ো গৰুৰ চোৰা বেহাৰ বাবে ন ন পৰিকল্পনা যুগুত কৰে । মুঠতে অসমৰ পৰা বাংলাদেশ(Bangladesh)লৈ গৰু সৰবৰাহ(Cattle smuggling) কৰিবই । ধুবুৰী(Dhubri)ৰ বিভিন্ন স্থানত আৰক্ষীয়ে চোৰাং গৰুৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ।

বুধবাৰে নিশা বিলাসীপাৰা(Bilashipara)ৰ নয়াহাটত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা(Birinchi Bora)ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ৮টা উন্নত জাতৰ গৰু জব্দ কৰিবলৈ সক্ষম হয় । নয়াহাট ছোট গিৰাই গাঁৱত নিশা আৰক্ষীয়ে অভিযান চলায় । অৱশ্যে, গৰু ছিণ্ডিকেট চক্ৰৰে জড়িত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই । এই গৰুবোৰ গৌৰাংগ নদীৰে বাংলাদেশলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

জব্দকৃত গৰুবোৰ সম্প্ৰতি চৰকাৰী খোৱাৰত ৰখা হৈছে । মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই জানিবলৈ দিয়া মতে, মুঠ ১৫টা গৰু সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল । ইয়াৰে ৮ গৰু আৰক্ষীয়ে জব্দ কৰিছে ।

বাকীকেইটা গৰু জব্দ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্য়াহত ৰাখিছে বুলি জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে । উল্লেখ্য যে, গৌৰাংগ নদীৰে প্ৰায়েই চোৰাংভাৱে গৰু বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে অসাধু লোকে চেষ্টা কৰিয়েই থাকে । আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও চোৰাং বেহা বন্ধ কৰা নাই চোৰাং ব্যৱসায়ীয়ে ।

লগতে পঢ়ক:5 বছৰে মহকুমাৰ নামত প্ৰতাৰিত হ’ল বৃহত্তৰ সৰুক্ষেত্ৰীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.