ETV Bharat / state

Dhubri Police encounter : আৰক্ষীৰ গুলীত নিহত কুখ্যাত গো-মাফিয়া - Assam police encounter

কুখ্যাত গো-মাফিয়া আদম আলী নিহত (Cattle smuggler Adam Ali killed)। ধুবুৰী সীমান্তত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়ত আদম আলীক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । মাৰাণাস্ত্ৰসহ গ্ৰেপ্তাৰ হৈছিল আদম আলী । বিভিন্ন গোচৰ ৰুজু হৈ আছে আলীৰ বিৰুদ্ধে । পূৰ্বেও জেললৈ গৈছিল আদম আলী ।

Dhubri Police encounter
আৰক্ষীৰ গুলীত নিহত কুখ্যাত গো মাফিয়া
author img

By

Published : Jul 20, 2022, 4:59 PM IST

ধুবুৰী,২০ জুলাই : ৰাজ্যত অপৰাধ নিৰ্মূল কৰাৰ বাবে অসম আৰক্ষীয়ে বিভিন্ন ধৰণৰ কঠোৰ পদক্ষেপ হাতত লৈছে । তাৰ অংশস্বৰূপে শেহতীয়া মাহবোৰত অসংখ্য এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ৰাজ্যখনত । এতিয়াও বিভিন্ন জিলাত আৰক্ষীৰ এনকাউণ্টাৰ অব্যাহত আছে । এইবাৰ এনকাউণ্টাৰৰ স্থান ধুবুৰী-কোকৰাঝাৰ সীমান্ত (Assam police encounter at West Bengal border)। ধুবুৰী আৰক্ষীৰ গুলীত নিহত হ'ল কুখ্যাত গো-মাফিয়া আদম আলী (Cattle smuggler shot dead by Assam police)।

উল্লেখ্য যে ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে সুদীৰ্ঘ সময় ধৰি গৰুৰ চোৰাং ব্যৱসায় চলাই আহিছিল গৌৰীপুৰৰ আদম আলী আৰু সহযোগীসকলে । নামনিৰ ধুবুৰীৰ লগতে আন কেইবাখনো জিলাৰ গৰু চিণ্ডিকেট চক্ৰক নেতৃত্ব দি আহিছিল কুখ্যাত গো-মাফিয়া আদম আলীয়ে । গৰুৰ চোৰাং সৰবৰাহৰ উপৰিও বাংলাদেশৰ হাৱালা চক্ৰৰ সৈতেও আদম আলী জড়িত থকাৰ তথ্য লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে ।

Dhubri Police encounter : আৰক্ষীৰ গুলীত নিহত কুখ্যাত গো-মাফিয়া

আদম আলীৰ বিৰুদ্ধে ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জকে ধৰি জিলাখনৰ বিভিন্ন থানাত ৫ টাকৈ গোচৰ ৰুজু হৈ আছিল । আদমৰ বিৰুদ্ধে ৰুজু হৈ আছিল ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত আন এক গোচৰ । ধুবুৰীত আনন্দ মিশ্ৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়তে আৰক্ষীয়ে আদম আলীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেওঁৰ ঘৰৰ পৰা সজীৱ গুলী, মাৰণাস্ত্ৰসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল ।

পৰৱৰ্তী সময়ত দুবাৰকৈ গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল আদম আলী । কিন্তু জেলৰ পৰা জামিন লাভ কৰি পশ্চিমবংগৰ কোচবিহাৰ চহৰত ভাড়াঘৰত আত্মগোপন কৰি গৰুৰ চোৰাং সৰবৰাহ আৰু হাৱালাৰ লগতে আন বিভিন্ন অপৰাধজনিত কাৰ্যত জড়িত থকাৰ অভিযোগ আছিল আদম আলীৰ বিৰুদ্ধে ।

ইয়াৰ মাজতে মঙলবাৰে পুৱতি নিশা অসম-বংগ সীমান্তৰে ছাগলীয়া, হালাকুৰা অঞ্চলত মাৰণাস্ত্ৰ সৰবৰাহৰ পৰিকল্পনা কৰিছিল আদম আলী আৰু তেওঁৰ কেইজনমান সতীৰ্থই । এই তথ্য আৰক্ষীয়ে লাভ কৰাৰ পাছতে অভিযান আৰম্ভ কৰিছিল (Dhubri police raid against Cattle smuggler)। আৰক্ষীৰ অভিযানৰ সময়ত আদমৰ সতীৰ্থ কেইজন পলাই যাবলৈ সক্ষম হয় যদিও কুখ্যাত অপৰাধী আদম আলীক আটক কৰিবলৈ আৰক্ষীয়ে খেদি যায় ।আৰক্ষীয়ে অৱশেষত অসম-বংগ সীমান্তৰ পৰা আদম আলীক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয় । আদমৰ পৰা জব্দ কৰা হয় মাৰণাস্ত্ৰ ।

তাৰ পাছতেই আদমৰ স্বীকাৰোক্তিৰ ভিত্তিত লুকাই ৰখা মাৰণাস্ত্ৰ উদ্ধাৰৰ বাবে আৰক্ষীৰ দলে ধুবুৰী-কোকৰাঝাৰ সীমান্ত অঞ্চলৰ ৰূপসী, বাসবাৰী অঞ্চলত অভিযান আৰম্ভ কৰে । কিন্তু সেই সময়তে দুষ্টচক্ৰই আৰক্ষীক লক্ষ্য কৰি আক্ৰমণ কৰে । ফলত দুজনকৈ আৰক্ষী জোৱান আহত হয় ।

তেনে সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আদম আলীক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । শৰীৰৰ কেইবাটাও স্থানত গুলী লাগে আদমৰ । লগে লগে আদমক ধুবুৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁ মৃত ঘোষণা কৰে । ইফালে মৰণোত্তৰ পৰীক্ষাৰ অন্তত আদম আলীৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক :Murder at Manikpur: পৰকীয়া প্ৰেমৰ পৰিণাম ! চোকা অস্ত্ৰৰে বোৱাৰীক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.