ETV Bharat / state

গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By

Published : Jan 30, 2021, 12:28 PM IST

গৰুৰ চোৰাং ছিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ হোৱা গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে । পূৰ্বেও গৰুৰ চোৰাং বেহাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ ৰোষত পৰিছিল আদম ।

গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ধুবুৰী, ৩০ জানুৱাৰী: কুখ্যাত গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিলে ধুবুৰীৰ আদালতে । আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ছিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আদম আলীক ।

শুক্ৰবাৰে ধুবুৰী আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । কেইদিনমান পূৰ্বে আৰক্ষীয়ে চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰিছিল ।

এই চোৰাং বেহাৰে জড়িত থকাৰ সন্দেহতে বৃহস্পতিবাৰে ধুবুৰীৰ গোলকগঞ্জৰ ছাগলীয়া আৰক্ষীয়ে আটক কৰে আদম আলীক । ছাগলীয়া আৰক্ষীয়ে ৰুজু কৰা এক গোচৰৰ ভিত্তিত আদমক শুক্ৰবাৰে আদালতত হাজিৰ কৰোৱা হয় । আৰক্ষীয়ে ১০ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে যদিও আদালতে আদমক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে,বিগত বৰ্ষৰ অক্টোবৰ মাহত গৰুৰ চোৰাং ছিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে আদমক গ্ৰেপ্তাৰ কৰিছিল আৰু আদমে কাৰাবাসো খাটিছিল । আৰক্ষী-প্ৰশাসনে গৰুৰ চোৰাং বেহা সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ সময়ে সময়ে অভিযান অব্যাহত ৰাখিছে যদিও অসাধু ব্যৱসায়ীয়ে প্ৰশাসনলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি চলাই চোৰাং ব্যৱসায় ।

লগতে পঢ়ক:ধোৱা চাংঙত পৰিণত হ'ল মন্ত্ৰী কেশৱ মহন্তৰ মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.