ধুবুৰী, 20 অক্টোবৰ : ভাৰত-বাংলাদেশ সীমান্তত গৰুসহ চাৰি গৰু চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । জানিব পৰা মতে ১৮ অক্টোবৰ সোমবাৰে জইনুল হক নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা দুটা গৰু চুৰি হৈছিল । ঘটনা সন্দৰ্ভত জইনুল হকে আগমনি আৰক্ষী চকীত এখন এজাহাৰৰ দাখিল কৰে । আৰক্ষীয়ে ৩৬৩/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৮০ ধাৰাৰ অধীনত গোচৰ ৰূজু কৰি তদন্ত অব্যাহত ৰাখে ।
তেনে সময়তে মঙলবাৰে আগমনি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আমিনুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটি সজাতি দলে গোপন অভিযান চলায় চুৰি হোৱা গৰু দুটা ঝছকাল অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে গৰু চোৰৰ লগত জড়িত থকা চাৰি জনক আগমনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
চোৰকেইটা ক্ৰমে ঝছকাল গাঁৱৰ আব্দুল আজিত,মেছেৰ আলী, ৰামৰাইকুটি গাঁৱৰ নজৰুল আলী, সাহা আলম আলী বুলি জানিব পৰা গৈছে । সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । বাংলাদেশলৈ গৰুৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত থকা একাংশই কৃষকৰ গোহালিৰ গৰু চুৰি কৰাত নামি পৰিছে বুলি চৰ্চা চলিছে।
লগতে পঢ়ক : কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কমল নাথৰ মাজত শব্দ যুদ্ধ