ETV Bharat / state

ধুবুৰীত ম'ৰেল পুলিচৰ ঘটনাঃ হাত ভৰি বান্ধি অত্যাচাৰ

author img

By

Published : Jan 18, 2021, 10:58 AM IST

ধুবুৰীত সংঘটিত হৈছে ম'ৰেল পুলিচৰ ঘটনা ৷ ম'ৰেল পুলিচৰ বলি হ'ল ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশৰ সীমান্ত অঞ্চলৰ পশ্চিম গাইখোৱাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰফিকুল মণ্ডল নামৰ এজন লোক ৷ হাত ভৰি বান্ধি অত্যাচাৰ চলোৱাৰ লগতে হত্যাৰ চেষ্টা ৰফিকুল মণ্ডলক ৷

case-of-morel-police-in-dhubri
ধুবুৰীত ম'ৰেল পুলিচৰ ঘটনাঃহাতভৰি বান্ধি অত্যাচাৰ

ধুবুৰী,18জানুৱাৰী: ধুবুৰীত সংঘটিত হৈছে ম'ৰেল পুলিচৰ ঘটনা ৷ ম'ৰেল পুলিচৰ বলি হ'ল ৰফিকুল মণ্ডল নামৰ এজন লোক ৷ জানিব পৰা মতে,ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশৰ সীমান্ত অঞ্চলৰ পশ্চিম গাইখোৱাত গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰফিকুল মণ্ডলে নিজৰ কৰ্তব্য পালন কৰি ঘৰলৈ গৈ আছিল ৷ তেনে সময়তে একেখন গাঁৱৰে মইনুল হক নামৰ লোকজনে লগত গুণ্ডা বাহিনী লগত লৈ ৰফিকুলক আক্ৰমণৰ বাবে খাপ পিটি আছিল ৷ সম্পূৰ্ণ পৰিকল্পিতভাৱে ৰফিকুল মণ্ডলক চোঁচৰাই নিজৰ ঘৰলৈ লৈ গৈ হাত ভৰি বান্ধি অত্যাচাৰ চলোৱাৰ লগতে হত্যাৰ চেষ্টা কৰে ৷

ইপিনে,এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে মইনুল হকৰ বাসগৃহত নালিয়া উপ আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু ৰফিকুল মণ্ডলক উদ্ধাৰ কৰে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰফিকুলক বেৰভাঙী চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমানে গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰফিকুল ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে ৷

আনহাতে,সমগ্ৰ ঘটনা সন্দৰ্ভত ৰফিকুল মণ্ডলৰ পত্নী মুমতাজ বেগমে নালিয়া উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও লক্ষণীয়ভাৱে বৰ্তমানো আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত মইনুল হক আৰু তেওঁৰ গুণ্ডা বাহিনী আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ তদুপৰি কি কাৰণে মইনুল হকে গুণ্ডাবাহিনী লগত লৈ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰফিকুল মণ্ডলক আক্ৰমণ কৰিলে সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়কঃ সমন্বয়ৰ পীঠস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.