ETV Bharat / state

ধুবুৰীত ভয়ানকভাৱে সক্ৰিয় ব্ৰইলাৰ ছিণ্ডিকেট চক্ৰ

পশুধনৰ পিছত এইবাৰ ৰাজ্যত আৰম্ভ হৈছে ব্ৰইলাৰ ছিণ্ডিকেট ৷ সম্প্ৰতি ৰাজ্যত বহিঃৰাজ্যৰ ব্ৰইলাৰৰ আমদানিত নিষেধাজ্ঞা থকা স্বত্বেও অসম-বংগ সীমান্তৰে অসমলৈ ৰপ্তানি কৰা হৈছে ট্ৰাকে ট্ৰাকে ব্ৰইলাৰ ৷ নীৰৱ দৰ্শকৰ ভূমিকাত পশু চিকিৎসা বিভাগ ৷

broiler-syndicate-at-dhuburi
ধুবুৰীত ভয়ানক ভাৱে সক্ৰিয় হৈছে ব্ৰইলাৰ ছিণ্ডিকেট চক্ৰ
author img

By

Published : Mar 15, 2021, 9:23 PM IST

ধুবুৰী,15 মাৰ্চ: বাৰ্ড ফ্লু আৰু ছোৱাইন ফ্লুৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য কৰি ৰাজ্যৰ পশু চিকিৎসা বিভাগে বহিঃৰাজ্যৰ পৰা অসমলৈ ব্ৰইলাৰৰ লগতে গাহৰিৰ আমদানি সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে ৷ কিন্তু সম্প্ৰতি অসম-বংগ সীমান্তৰ পৰা আৰম্ভ কৰি ৰাজ্যখনত সক্ৰিয় হৈ পৰিছে নিষিদ্ধ ব্ৰইলাৰ ছিণ্ডিকেট চক্ৰ ৷ প্ৰায় প্ৰতি নিশাই অসম-বংগ সীমান্তৰ ছাগলীয়া হৈ ধুবুৰী জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তয়েদি প্ৰৱেশ কৰে শ শ ব্ৰইলাৰৰ ট্ৰাক ৷ ইয়াৰ অচিলাৰে ব্ৰইলাৰ লৈ অসম-বংগ সীমান্তৰ ছাগলীয়াত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট ৷ অভিযোগ অনুসৰি, ধুবুৰী জিলা পশু চিকিৎসা বিভাগৰ বিষয়া আৰু চিকিৎসক আৰু আৰক্ষীয়ে স্থানীয় একাংশ দালাল শ্ৰেণীৰ সৈতে মিলি গঢ়ি তুলিছে ব্ৰইলাৰৰ বৃহৎ ছিণ্ডিকেট ৷

মাজে সময়ে আৰক্ষীয়ে দুই এখন ব্ৰইলাৰ আৰু গাহৰি ভৰ্তি বাহন জব্দ কৰে যদিও এই ছিণ্ডিকেট বন্ধ কৰিবলৈ গ্ৰহণ কৰা নাই কোনো বিশেষ ব্যৱস্থা ৷ তেনে সময়তে সোমবাৰে গৌৰীপুৰৰ বালাজান আৰক্ষী চকীৰ আৰক্ষীয়ে বালাজান 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে তিনিখনকৈ ব্ৰইলাৰ ভৰ্তি বলেৰ’ পিক আপ ভান ৷ কিন্তু এইক্ষেত্ৰত সম্পূৰ্ণৰূপে নীৰৱতা অৱলম্বন কৰি গৈছে পশু চিকিৎসা বিভাগে ৷

ধুবুৰীত ভয়ানক ভাৱে সক্ৰিয় হৈছে ব্ৰইলাৰ ছিণ্ডিকেট চক্ৰ

ব্ৰইলাৰ ছিণ্ডিকেটৰ সকলো তথ্য লাভ কৰিছে বুলি জনাইছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ অভিযোগ অনুসৰি প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহন অসমত প্ৰৱেশ কৰাৰ নামত 20-30 হাজাৰ টকালৈকে আদায় কৰি আহিছে ছিণ্ডিকেট চক্ৰই ৷ উল্লেখ্য যে, গৰুৰ পিছত অসম-বংগ সীমান্তৰ পৰা আৰম্ভ কৰি ৰাজ্যখনত সক্ৰিয় হৈ পৰা ব্ৰইলাৰ ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন আৰু ৰাজ্যৰ পশু চিকিৎসা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়কঃ মন্ত্ৰী হিমন্তক ক্ষুৰধাৰ সমালোচনা ৰাণা গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.