ETV Bharat / state

ফেনীৰ বাবে ধুবুৰীত বন্ধ নাও চলাচল

উৰিষ্যাত ফেনী ধুমুহাই কালৰূপ ধাৰণ কৰাৰ পাচত বাংলাদেশ, পশ্চিমবংগ হৈ ধুবুৰীত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ফেণী ঘূৰ্ণী বতাহ । ইতিমধ্যে  শনিবাৰে এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ ধুবুৰী তথা অসমত পৰিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। সেইমতে ধুবুৰী জিলা প্ৰশাসনে নদী পথৰ লগতে সমগ্ৰ ধুবুৰী জিলাত জাৰি কৰিছে হাই এলাৰ্ট ।

author img

By

Published : May 3, 2019, 3:16 PM IST

Updated : May 3, 2019, 5:53 PM IST

ফেনীৰ বাবে ধুবুৰীত বন্ধ নাও চলাচল

ধুবুৰী,3 মেঃ ফেনী আগমণৰ সম্ভাৱনীয়তাক লৈ ধুবুৰীত হাই এলাৰ্ট জাৰি । জিলা প্ৰশাসনে নদী পথত বন্ধ কৰি দিছে নাওঁ চলাচল । যি কোনো মুহূৰ্ততে ফেনী ঘূৰ্ণী বতাহে কোবাই যাব পাৰে ধুবুৰীক। উৰিষ্যাত ফেনী ধুমুহাই কালৰূপ ধাৰণ কৰাৰ পাচত বাংলাদেশ,পশ্চিমবংগ হৈ ধুবুৰীত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ফেণী ঘূৰ্ণী বতাহ । ইতিমধ্যে শনিবাৰে এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ ধুবুৰী তথা অসমত পৰিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। সেইমতে ধুবুৰী জিলা প্ৰশাসনে নদী পথৰ লগতে সমগ্ৰ ধুবুৰী জিলাত জাৰি কৰিছে হাই এলাৰ্ট । ইপিনে এনে স্পৰ্শকাতৰ আৰু জৰুৰীকালীন সময়ত ধুবুৰী জিলা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয়ত দিনৰ এঘাৰ বজালৈকে কোনো বিষয়া উপস্থিত নথকাৰ লগতে তলা ওলমি থকা দেখা গ'ল ধুবুৰী বতৰ বিজ্ঞান কেন্দ্ৰত। একেই অৱস্থা ধুবুৰী দুৰ্যোগ প্ৰশমন বিভাগৰ কাৰ্যালয়তো। হাই এলাৰ্ট জাৰি কৰিয়েই দায়িত্ব সামৰিছে জিলা প্ৰশাসনে।

ফেনীৰ বাবে ধুবুৰীত বন্ধ নাও চলাচল

ইপিনে জিলা প্ৰশাসনে নদী পথত হাই এলাৰ্ট জাৰি কৰিছে যদিও নাও চালকসকল অৱগত নোহোৱাৰ ফলত শ শ যাত্ৰী লৈ নদী পথত চলাচল কৰি আছে নাও। অৱশ্যে আজি দিনৰ দুই বজাৰ ভিতৰত নদী পথত নাও চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে ফেনীক লৈ সম্পূৰ্ণৰূপে এলাৰ্ট হৈ থাকিব বুলি উল্লেখ কৰে দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াই। উল্লেখ্য যে, অসম তথা উত্তৰ পূৰ্বাঞ্চলত চাৰি মে'ত হাই এলাৰ্ট জাৰি কৰিছে যদিও আজি যি কোনো মুহূৰ্তত ধুবুৰীৰ লগতে অসমক ফেনী ঘূৰ্ণী বতাহে কোবাই যাব পাৰে বুলি ধাৰণা কৰা হৈছে।

Intro: ফণীক লৈ হাই এলাৰ্ট ধুবুৰীত। জিলা প্ৰশাসনে নদী পথত বন্ধ কৰি দিছে নাওঁ চলাচল। যি কোনো মুহূৰ্ততে ফণী চাইক্লণে কোবাই যাব পাৰে ধুবুৰী।

Body: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ফণীক লৈ হাই এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰীত। জিলা প্ৰশাসনে নদী পথত বন্ধ কৰি দিছে নাওঁ চলাচল। যি কোনো মুহূৰ্ততে ফণী চাইক্লণে কোবাই যাব পাৰে ধুবুৰী। ধুবুৰীত পুৱাৰে পৰা বৰষুণ আৰু বতাহ বৈ থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে উৰিষ্যাত ফণী ধুমুহাই কালৰূপ ধাৰণ কৰাৰ পিছত বাংলাদেশ, পশ্চিম বংগ হৈ ধুবুৰীত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ফণী চাইক্লণে। জিলা প্ৰশাসনে জনোৱা মতে কাইলৈ এই চাইক্লণৰ প্ৰভাৱ ধুবুৰী তথা অসমত পৰিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই তথ্য প্ৰকাশ কৰিছে। সেইমতে ধুবুৰী জিলা প্ৰশাসনে নদী পথৰ লগীতে সমগ্ৰ ধুবুৰী জিলাত হাই এলাৰ্ড জাৰি কৰিছে।
ইপিনে এনে স্পৰ্শকাতৰ আৰু জৰুৰীকালীন সময়ত ধুবুৰী জিলা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত দিনৰ এঘাৰ বজালৈকে দেখা পোৱা নগল কোনো বিষয়া। আনহাতে তলা ওলমি থকা দেখা গল ধুবুৰী বতৰ বিজ্ঞান কেন্দ্ৰ। একেদৰেই অৱস্থা ধুবুৰী দুৰ্যোগ প্ৰসমন বিভাগৰ কাৰ্য্যালয়। হাই এলাৰ্ড জাৰি কৰিয়েই যেন দায়িত্ব সামৰিছে জিলা প্ৰশাসনে।
ইপিনে নদী পথত হাই এলাৰ্ড জাৰি কৰাৰ সময়তে এইদৰে শ শ যাত্ৰী লৈ নদী পথত চলাচল কৰিছে নাওঁ। জিলা প্ৰশাসনে নদী পথত হাই এলাৰ্ড জাৰি কৰিছে যদিওঁ নাওঁ চালক সকলে নাজানে এই কথা।
অৱশ্যে আজি দিনৰ দুই বজাৰ ভিতৰত নদী পথত নাওঁ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে ফণী লৈ সম্পূৰ্ণৰূপে এলাৰ্ড হৈ থাকিব বুলি উল্লেখ কৰে দুৰ্যোগ প্ৰসমন বিষয়াই।

Conclusion: উল্লেখযোগ্য যে, অসম তথা উত্তৰ পূৰ্বাঞ্চলত কাইলৈ চাৰি মে'ত হাই এলাৰ্ড আছে যদিওঁ আজি যি কোনো মুহূৰ্তত ধুবুৰীৰ লগতে অসমক ফণী চাইক্লণে কোবাই যাব পাৰে বুলি ধাৰণা কৰা হৈছে।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : May 3, 2019, 5:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.