ETV Bharat / state

ধুবুৰীৰ গদাধৰ নৈত ভয়ংকৰ নাও দুৰ্ঘটনাঃ নিহত দুজন - মৃত্যু

মালবাহী নাৱৰ স'তে বিবাহযাত্ৰীৰ নাৱৰ মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় দূঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এতিয়াও সন্ধানহীন এগৰাকী ছাত্ৰী ৷

ধুবুৰীৰ গদাধৰ নৈত ভয়ংকৰ নাও দুৰ্ঘটনা
author img

By

Published : Apr 10, 2019, 9:08 AM IST

Updated : Apr 10, 2019, 11:49 AM IST

ধুবুৰী, 10 এপ্ৰিল : ধুবুৰীত মঙলবাৰে মেলাঘাটৰ সমীপৰ গদাধৰ নৈত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা ৷ মালবাহী নাও আৰু বিবাহযাত্ৰীৰ নাৱৰ মুখামুখী সংঘৰ্ষৰ ফলত শিশু মহিলা সহ দুগৰাকী লোকৰ মৃত্যু হয় ৷

ETV BHARAT
ধুবুৰীৰ গদাধৰ নৈত ভয়ংকৰ নাও দুৰ্ঘটনা

ধুবুৰীৰ লগতে অসম তথা দেশবাসীয়ে এতিয়াও পাহৰিব পৰা নাই 2012 চনৰ ত্ৰিশ এপ্ৰিলৰ ভয়াৱহ নাও দুৰ্ঘটনাৰ কথা ৷ তেনে সময়তে পুনৰ ছয় বছৰৰ পাচত অনুৰূপ ঘটনা সংঘটিত হয় ধুবুৰীত ৷ ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে ধুবুৰীস্থিত কুন্তীৰ চৰ দ্বিতীয় খণ্ড গাঁৱৰ মনোৱাৰ আলী শেখ আৰু একেখন গাঁৱৰে মঞ্জিলা খাতুনৰ বিবাহ সম্পন্ন হয় ৷ মঙলবাৰে বিবাহ সম্পন্ন হোৱাৰ পাচতে বিবাহযাত্ৰী সকলে দৰাঘৰৰ পৰা দৰা-কইনা সহ কইনাৰ ঘৰলৈ এখন সৰু যন্ত্ৰ চালিত নাও এখনেৰে যাত্ৰা কৰে ৷ কিন্তু যাত্ৰা আৰম্ভ কৰাৰ ক্ষন্তেক পিচতেই সন্মুখৰ পৰা এখন মালবাহী নাৱে প্ৰচণ্ড বেগেৰে বিবাহযাত্ৰীৰ নাওখনক খুন্দা মাৰে ৷ ফলত বিবাহযাত্ৰীৰ নাওখন পানীত ডুব যায় ৷ জানিব পৰা মতে নাঁওখনত দৰা কইনা সহ 45 জন যাত্ৰী আছিল ৷ নাওখনত থকা অধিকাংশ লোকে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও 7 জন লোকক সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ ভিতৰত চায়না বিবি নামৰ এগৰাকী মহিলা আৰু এটি শিশুৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিব দিয়ে ৷ বৰ্তমান চিকিৎসালয়ত জহিৰুল শেখ, ছানোৱাৰ হুছেইন, হাজি শুকুৰ আলী, সোনাউল্লাহ আৰু মোন্নফ আলীকে ধৰি পাঁচজন লোক চিকিৎসাধীন অৱস্থাত আছে ৷ ইপিনে আৰক্ষীয়ে জনোৱা অনুসৰি ধুবুৰীৰ বি চি মেমৰিয়াল স্কুলৰ জাহেদা খাতুন নামৰ এগৰাকী আঠ বছৰীয়া ছাত্ৰী নাও দুৰ্ঘটনাটোত সন্ধানহীন হৈ আছে ৷ বৰ্তমান আৰক্ষী আৰু উদ্ধাৰকাৰী এছডিআৰএফৰ দলে উদ্ধাৰকাৰ্য্য অব্যাহত ৰাখিছে ৷

SLUG- A_DHB_801_807_10APRIL_BOAT_ACCIDENT_VIS+BYTE_SHAHANUR
( Files+Pic send through MOJO )

         Anchor:- ধুবুৰীত পুনৰাবৃত্তি হল ২০১২ চনৰ ত্ৰিশ এপ্ৰিলৰ ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ। মঙ্গলবাৰে নিশা ন মান বজাত ধুবুৰীৰ মেলাঘাটৰ সমীপৰ গদাধৰ নৈত সংঘটিত হল আন এক ভয়াৱহ নাওঁ দুৰ্ঘটনা৷ নিহত হল শিশু মহিলা সহ দুগৰাকী। প্ৰাণ ৰক্ষা বহু যাত্ৰীৰ।

       vo:- হয়, ধুবুৰীৰ লগতে অসম তথা দেশবাসীয়ে এতিয়াও পাহৰিব পৰা নাই ২০১২ চনৰ ত্ৰিশ এপ্ৰিলৰ ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ কথা। এতিয়াও নিহতৰ আত্মাই কান্দোনৰ সুৰ ভাহি উঠে প্ৰতিজন ধুবুৰীবাসীৰ বুকুত। কিন্তু সেই ভয়াৱাহতাৰ কথা মুহূৰ্ততেই পাহৰিলে জিলা প্ৰশাসন আৰু বিভাগীয় কতৃপক্ষই। যাৰ ফলত পুনৰ ছয় বছৰৰ মূৰত অনুৰূপ ঘটনা ধুবুৰীত। এইবাৰ বিৱাহযাত্ৰীৰ নাওঁ এখনৰ সৈতে মুখামুখি সংঘৰ্ষ মালৱাহী নাওঁ এখনৰ। সংঘৰ্ষৰ ফলত বিবাহ যাত্ৰী নাওঁখন ভাঙি যাত্ৰীসহ ডুবিল পানীৰ তলত৷ লগে লগে লাগিল হুৱা দুৱা। বিবাহযাত্ৰী থকা নাওঁ খনৰ অধিকাংশ লোক বাহিৰলৈ ওলাই গৈ কোনোমতে প্ৰাণ ৰক্ষা পেলায়। যদিওঁ নাওঁ খনৰ ভিতৰত ৰৈ আছিল এটি শিশু আৰু এগৰাকী মহিলা। একাংশ লোকে লগে লগে বিবাহযাত্ৰীৰ নাওঁ খন উদ্ধাৰ কৰাৰ বিপৰীতে নাওঁ খনৰ পৰা সংকটজনক অৱস্থাত সাতজনকৈ লোকক ধুবুৰী অসামৰিক চিকিৎসালয় নিয়ে। যদিওঁ চিকিৎসকে চায়না বিবি নামৰ এগৰাকী মহিলা আৰু এগৰাকী অচিনাক্ত শিশুৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। ইপিনে কোনো পৰিয়ালৰ ফালৰ পৰা কোনো নিঃশ্চিত তথ্য আৰক্ষীয়ে লাভ কৰা নাই যদিওঁ দুৰ্ঘটনাত আৰু কোনোবাই সন্ধানহীন হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। যাৰ বাবে আৰক্ষী আৰু উদ্ধাৰকাৰী এছ ডি আৰ এফৰ দলে উদ্ধাৰ কাৰ্য্য অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, যোৱা সোমবাৰে ধুবুৰীৰ ফলিমাৰী পঞ্চায়তৰ কুন্তীৰ চৰ দ্বিতীয় খণ্ড গাঁওৰ মনোৱাৰ আলী শেখ আৰু একেখন গাঁৱৰে মঞ্জিলা খাতুনৰ বিবাহ সম্পন্ন হয়। আজি দৰাঘৰত পাৰ্টি সম্পন্ন হোৱাৰ পিছত দৰা কইনা সহ কইনাৰ ঘৰলৈ এই সৰু যন্ত্ৰ চালিত নাওঁ খনেৰেই যাত্ৰা কৰিছিল। কিন্তু যাত্ৰা আৰম্ভ কৰাৰ ক্ষন্তেক পিছতেই সন্মুখৰ পৰা মালবাহী নাওঁখনে প্ৰচণ্ড বেগেৰে খুন্দা মাৰে বিবাহযাত্ৰীৰ নাওঁখনক। ফলত নাওঁখন ভাঙি ডুব যায় পানীৰ তলত। জানিব পৰামতে নাওঁ খনত দৰা কইনা সহ প্ৰায় ৪৫ জন যাত্ৰী আছিল বুলি বিবাহ যাত্ৰীয়ে উল্লেখ কৰিছে। যদিওঁ আৰক্ষীয়ে লাভ কৰা যাত্ৰীৰ নিঃশ্চিত তথ্য। দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জহিৰুল শেখ, ছানোৱাৰ হুছেইন, হাজি শুকুৰ আলী, সোনাউল্লাহ আৰু মোন্নফ আলীকে ধৰি পাঁচজন লোক। 

              সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Apr 10, 2019, 11:49 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.