ETV Bharat / state

BJP will defeat Ajmal from Dhubri: এইবাৰৰ লোকসভাত ধুবুৰীৰ পৰা আজমলক পৰাভূত কৰিব বিজেপিয়ে, কলে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই

author img

By

Published : Jan 28, 2023, 8:01 AM IST

ধুবুৰীত আয়োজিত প্ৰধানমন্ত্ৰীৰ "পৰীক্ষা পে চৰ্চা" শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ (PMs Exam Pe Discussion event in Dhubri) ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকৰে হোৱা কথোপকথনত কংগ্ৰেছ, এ আই ইউ ডি এফক সমালোচনা কৰাৰ লগতে বড়ো জনগোষ্ঠী থকা ৰাজ্যখনৰ কিছু অঞ্চল নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভতো মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

PMs Exam Pe Discussion event in Dhubri
ধুবুৰীত ৰাজ্য সভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা

ধুবুৰী, 28 জানুৱাৰী:

এতিয়ালৈকে কোনখন গাঁও, কোনটো ভৌগলিক পৰিসীমা যাব এই তথ্য হয়তো সংশ্লিষ্ট বিষয়াৰ হাততেই নাই ৷ গতিকে একো সম্পূৰ্ণ তথ্য নোহোৱাকৈ, মানচিত্ৰ নেদেখাকৈ বিৰুদ্ধাচৰণ কৰাৰ যিটো প্ৰৱণতা সেইটো ৰাইজেই বিচাৰ কৰিব ৷ কংগ্ৰেছে চৰ্চা কৰি থাকিব, আমি ইখনৰ পিছত সিখন আসন জিকি থাকিম ৷ নিৰ্বাচনত কাকো ওৱাক অভাৰ দিয়া বিজেপিৰ সংবিধানত নাই ৷

এয়া ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য ৷ শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ এইদৰে সাংবাদিকৰ আগত মন্তব্য কৰে সাংসদগৰাকীয়ে (PMs Exam Pe Discussion event in Dhubri) ৷

উল্লেখ্য যে, শুকুৰবাৰে ধুবুৰীৰ ধুবুৰীৰ চৰকাৰী (ল'ৰাৰ) উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হৈছিল দেশৰ প্ৰধানমন্ত্ৰীৰ "পৰীক্ষা পে চৰ্চা" শীৰ্ষক অনুষ্ঠান (Exam Pe Discussion 2023 in Assam) ৷ এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি তেওঁলোকৰ বহু প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে শিক্ষাৰ্থীৰে মত বিনিময় কৰে (Pariksha Pe Charcha) ৷

বিশেষকৈ পৰীক্ষাত কিদৰে সফল হ’ব পাৰি তাৰ ওপৰত শিক্ষাৰ্থীসকলক প্ৰেৰণা যোগাই প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi Interaction With Students) ৷ প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব বুলি মন্তব্য কৰে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ।

এই অনুষ্ঠানৰ পিছতেই সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে (Pabitra Margherita in Dhubri) ৷ শেহতীয়াকৈ বড়ো জনগোষ্ঠীয় লোক বসবাস কৰা ৰাজ্যৰ কিছু অঞ্চল নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই বিটিআৰত আনন্দৰ বন্যা বোৱাৰ বিপৰীতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাও পৰিলক্ষিত হৈছে ।

উক্ত প্ৰসংগত সাংসদগৰাকীয়ে কয় যে একাংশই হাতত মানচিত্ৰ নোহোৱাকৈ তথা নজনাকৈ প্ৰতিবাদ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে যি সিদ্ধান্ত লৈছে সেয়া সম্পূৰ্ণ চৰজমীন তদন্ত কৰিয়েই লৈছে ৷ গতিকে এই বিষয়ত প্ৰতিবাদ কৰাৰ কোনো অৰ্থ নাই বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ৷

তেওঁ লগতে কয় যে বাংলাদেশৰ পৰা অহাসকলৰ বাহিৰে গৰীয়া মৰিয়া দেশী জনগোষ্ঠী বা জলহা জনগোষ্ঠীয় ইছলাম ধৰ্মীয় লোকসকল বিজেপিৰ সমৰ্থনত ৷ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এতিয়া বিজেপিক ভোট দিয়ে বুলিও উল্লেখ কৰিলে সাংসদগৰাকীয়ে ।

এইদৰে মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দুদিন পূৰ্বে মিঞা ভোটৰ প্ৰসংগ লৈ কৰা মন্তব্যৰ সুৰতেই সুৰ মিলাই এক প্ৰকাৰে বিশেষ ভোটাৰৰ প্ৰসংগটো উল্লেখ কৰিব বিচাৰিলে সাংসদগৰাকীয়ে । অসমৰ ১৪ খন লোকসভা সমষ্টিৰ ভিতৰত ১২ খন সমষ্টি বিজেপিয়ে দখল কৰিব বুলিও দাবী কৰে সাংসদ গৰাকীয়ে । কিন্তু আজমলক কেতিয়াও ওৱাক অভাৰ নিদিয়ে বুলিও স্পষ্ট কৰি দি এইবেলি বিজেপিয়ে ধুবুৰী দখল কৰিব বুলি দাবী কৰিলে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita criticized Ajmal) ।

ইফালে ধুবুৰীত কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থীৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয়, "কংগ্ৰেছে বিগত সাত আঠ বছৰে কেৱল চৰ্চাই কৰি আহিছে । কংগ্ৰেছৰ কেৱল চৰ্চাই দেখি আহিছোঁ । তেওঁলোকে চৰ্চা কৰি থাকক, আমি ইখনৰ পিছত সিখন আসন জিকি থাকিম (Pabitra Margherita criticized Congress)।"

সেয়া যিয়েই নহওঁক, এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা বিজেপিয়ে আজমলক আঁতৰাবলৈ কৌশল ৰচনা কৰা বুলি ইতিমধ্যে চৰ্চা চলিছে ধুবুৰীৰ ৰাজনৈতিক মহলত । অৱশ্যে আজমলক পৰাভূত কৰিবলৈ ধুবুৰী লোকসভা সমষ্টিত বিজেপিয়ে কিমান শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰে, সেয়া হ’ব মনকৰিবলগীয়া ।

লগতে পঢ়ক: Jorhat Balyabhaban School : মুখ্যমন্ত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়ত পত্নী ৰিণিকি ভূঞা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.