ETV Bharat / state

কংগ্ৰেছক ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ - congress

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ আৰু ৩৫ এ অনুচ্ছেদ বাতিল কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰে সমিতিখনে

কংগ্ৰেছক ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান বিজেপিৰ
author img

By

Published : Aug 16, 2019, 6:25 PM IST

ধুবুৰী, 16 আগষ্টঃ কংগ্ৰেছক ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান বিজেপিৰ ৷ এই মন্তব্য ধুবুৰী জিলা সমিতিৰ ৷ শুকুৰবাৰে প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা সংবাদমেলত এই মন্তব্য কৰে সমিতিখনৰ সদস্যই ৷ লগতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ আৰু ৩৫ এ অনুচ্ছেদ বাতিল কৰা কাৰ্য্যক ভূয়সী প্ৰশংসা কৰে সমিতিখনে ৷ বিজেপি দলৰ ৰাজ্যিক কমিটিৰ উপ সভাপতি বিমল ওচৱাল, জিলা উপ সভাপতি ডাঃ দেৱময় সান্যাল, বিধায়ক অস্বীনি ৰায় সৰকাৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা সংবাদমেলত বিগত সত্তৰ বছৰে নোহোৱা কাম নৰেন্দ্ৰ মোডী চৰকাৰে কৰি দেখুৱাইছে বুলি উল্লেখ কৰে ৷ ইপিনে বিধায়ক অস্বীনি ৰায় সৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰশংসা কৰাৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰি ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে, জম্মু কাশ্মীৰৰ ৩৭০ আৰু ৩৫ এ অনুচ্ছেদ বাতিল হোৱাক লৈ চলি থকা অপপ্ৰচাৰৰ যাতে ধুবুৰী জিলাকে ধৰি অসমৰ ৰাইজে ভোল নাযায় তাৰ বাবে এই সংবাদমেলৰ জৰিয়তে আহ্বান জনোৱাৰ প্ৰয়াস কৰে সমিতিখনে ৷

Intro: ৩৭০ ক লৈ বিজেপিৰ সংবাদমেল। জম্মু এণ্ড কাশ্মীৰত এতিয়া উন্নয়ন হব। সংবাদমেলত বিৰোধী কংগ্ৰেছক ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান বিজেপিৰ।

Body: নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ আৰু ৩৫ এ অনুচ্ছেদ বাতিল কৰা কাৰ্য্যক ভূয়সী প্ৰশংসা কৰে বিজেপিৰ ধুবুৰী জিলা সমিতিয়ে। আজি প্ৰাক্তন প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি ধুবুৰী জিলা বিজেপি কাৰ্য্যালয়ত এক সংবাদমেলৰ আয়োজন কৰা হয়। বিজেপি দলৰ ৰাজ্যিক কমিটিৰ উপ সভাপতি বিমল ওচৱাল, জিলা উপ সভাপতি ডাঃ দেৱময় সান্যাল, বিধায়ক অস্বীনি ৰায় সৰকাৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা সংবাদমেলত বিগত সত্তৰ বছৰে নোহোৱা কাম নৰেন্দ্ৰ মোডী চৰকাৰে কৰি দেখুৱাইছে বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ উপ সভাপতি বিমল ওচৱালে কংগ্ৰেছক সমালোচনা কৰা পৰিলক্ষিত হয়।

ইপিনে বিধায়ক অস্বীনি ৰায় সৰকাৰেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰশংসা কৰাৰ বিপৰীতে বিৰোধী দল কংগ্রেছক সমালোচনা কৰি ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
Byte:- বিমল ওচৱাল, উপ সভাপতি, ৰাজ্যিক বিজেপি

Conclusion: উল্লেখযোগ্য যে, জম্মু কাশ্মীৰৰ ৩৭০ আৰু ৩৫ এ অনুচ্ছেদ বাতিল হোৱাক লৈ চলি থকা অপপ্ৰচাৰৰ যাতে ধুবুৰী জিলাকে ধৰি অসমৰ ৰাইজে ভোল নাযায় তাৰ বাবে এই সংবাদমেলৰ জৰিয়তে আহ্বান জনোৱাৰ প্ৰয়াস কৰিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.