ETV Bharat / state

আজমলৰ পথেৰেই ধাৱমান ৰঞ্জিত দাস !

author img

By

Published : Mar 29, 2019, 7:17 PM IST

নিজৰ বিতৰ্কিত মন্তব্যৰে সময়ে-সময়ে সংবাদ শিৰোনামা দখল কৰি অহা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ এইবাৰ আন এক ৰূপ । এ আই এই ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ জৰা-ফুকাৰ ৰাজনীতি এইবাৰ আয়ত্ত কৰি লৈছে ৰঞ্জিত দাসে । ধুবুৰীৰ এখন নিৰ্বাচনী সভাত বটলত পানী জাৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে বিজেপিৰ সভাপতিগৰাকীয়ে ।

ৰঞ্জিত দাস

২৯ মাৰ্চ, ধুবুৰীঃ শুকুৰবাৰে ধুবুৰী জিলাৰ শংকৰদেৱ শিশু উদ্যানত অনুষ্ঠিত হৈছিল বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰ দলৰ কৰ্মী সভা । এই সভাতেই উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস । অতীজৰে পৰা জৰাফুকাত নাম থকা আজমলৰ সমষ্টিত উপস্থিত হৈ এইবাৰ আজমলক প্ৰত্যাহ্বান জনাই নিজেই জৰাফুকাৰ পন্থা হাতত ল'লে ৰঞ্জিত দাসে ।

আজমলৰ পথেৰেই গতি কৰিলে ৰঞ্জিত দাসে !

হাতত পানীৰ বটল লৈ ফুকি দি সেই পানীৰ বটল আগবঢ়াই দিলে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামক । লগতে সেই পানীৰ বটলৰ মহত্ব ব্যাখ্যা কৰি ক’লে, এই পানী আজমলক পৰাজয় কৰোৱাৰ বাবে ।

উল্লেখযোগ্য যে, আজি ধুবুৰীত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত আছিল, মিত্ৰ দল অগপ, বিজেপি আৰু বিপিএফৰ শতাধিক কৰ্মীৰ লগতে অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী ভৱেশ কলিতা সহ মিত্ৰ দলৰ ধুবুৰীৰ প্ৰাৰ্থী জাবেদ ইছলাম । সভাত কংগ্ৰেছ আৰু আজমলক তীব্ৰ সমালোচনা কৰে সভাপতি ৰঞ্জিত দাসে । ইপিনে এই সভাতেই, 91চনত ধুবুৰীৰ পৰা প্ৰথম বিজেপি বিধায়ক নিৰ্বাচিত হোৱা বুলি উল্লেখ কৰি 91ৰ পুনৰাবৃত্তি এইবাৰ 2019ৰ লোকসভা নিৰ্বাচনত হ'ব বুলি উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ।

Intro: ধুবুৰীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। আজি ধুবুৰী শংকৰদেৱ শিশু উদ্যানত বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰ দলৰ কৰ্মী সভাত উপস্থিত ৰঞ্জিত দাস। আজমলৰ জৰাফুঁকাৰ প্ৰভাৱ পৰিল ৰঞ্জিত দাসৰ ওপৰত। আজমলৰ নামত ৰঞ্জিতে জাৰিলে পানী।

Body: বদৰুদ্দিন আজমলে ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰে পৰা জৰাফুঁকাৰ ৰাজনীতি কৰি আহিছে বুলি বিৰোধীয়ে সততে আজমলক সমালোচনা কৰি আহিছে। কিন্তু আজি আজমলক অনুকৰণ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। ধুবুৰীৰ এখন কৰ্মী সভাত চাওক কি কৰিছে ৰঞ্জিত দাসে। হাতত পানীৰ বটল লৈ ফুকিছে। আনকি ফুকি দিয়া পানীৰ বটল দিলে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামক। কলে এই পানী আজমলক হৰাৰ বাবে এই পানী ব্যৱহাৰ কৰাৰ আহ্বান জনায় ৰঞ্জিত দাসে। উল্লেখযোগ্য যে, আজি ধুবুৰীত মিত্ৰ দল অগপ, বিজেপি আৰু বিপিএফ মিত্ৰ দলৰ যৌথ কৰ্মী সভাত উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী ভৱেশ কলিতা সহ মিত্ৰ দলৰ ধুবুৰীৰ প্ৰাৰ্থী জাবেদ ইছলাম। সভাত কংগ্ৰেছ আৰু আজমলক তীব্ৰ সমালোচনা কৰে ৰঞ্জিত দাসে। ইপিনে ৯১ চনত ধুবুৰীৰ পৰা প্ৰথম বিজেপি বিধায়ক নিৰ্বাচিত হোৱা বুলি কৈ ৯১ৰ ওলোটা ১৯ ৰ লোকসভা নিৰ্বাচনত এইবেলি বিজেপিৰ মিত্ৰ দলৰ প্ৰাৰ্থী জয়ী হব বুলি উল্লেখ কৰে ৰঞ্জিত দাসে।

Conclusion: উল্লেখযোগ্য যে, আজি ধুবুৰীত মিত্ৰ দলৰ প্ৰাৰ্থী ঘোষণাৰ পিছতেই অগপ, বিজেপি আৰু বিপিএফ মিত্ৰ দলে নিৰ্বাচনী ৰণনীতি কিদৰে কৰে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.