পশ্চিম বিলাসীপাৰা, 11 জুলাই : সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো বিকল্প মূল্যায়নৰ মাৰ্কশ্বীটক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হৈছে । বিশেষকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ শিক্ষাৰ্থীয়ে ইতিমধ্যে প্ৰতিটো বিষয়তে ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ সেই অনুসৰি নিৰীক্ষকসকলে ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰসমূহ কাউন্সিললৈ প্ৰেৰণ কৰিছে ৷ কিন্তু অনিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ক্ষেত্ৰত বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ তুলি হতাশাত ভোগা দেখা গৈছে ৷
অনিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে অৱতীৰ্ণ হোৱা ব্যৱহাৰিক পৰীক্ষাত পোৱা ৩০ শতাংশ নম্বৰ সংযোগ কৰাৰ পৰিবৰ্তে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত পোৱা নম্বৰৰ ৪০ শতাংশহে সংযোগ কৰিব ৷ এইক্ষেত্ৰত অনিয়মীয়া ছাত্ৰ-ছাত্ৰীসকল ভীষণভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে ৷ যাৰ বাবে তেনে অনিয়মীয়া পৰীক্ষাৰ্থীসকলে চৰম হতাশাত ভুগিবলগীয়া হৈছে ।
এইসকল ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন উচ্চ মাধ্যমিক পৰীক্ষাত পোৱা নম্বৰ আৰু একাদশ শ্ৰেণীৰ পৰীক্ষাত পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰিহে চূড়ান্ত পৰীক্ষাৰ নম্বৰ ধাৰ্য কৰা হ’ব ।
তদুপৰি যোৱাটো চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈও এইবাৰ কোনো এটা বিষয়ত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বুলি সিদ্ধান্ত লোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এই মূল্যায়নৰ ব্যৱস্থাই তীব্ৰ অনিশ্চয়তা কঢ়িয়াই আনিছে । অনিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰসমূহ মাৰ্কশ্বীটত সন্নিৱিষ্ট কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা এইসকল ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লোৱাৰ বাদে আন কোনো উপায় নাথাকিব বুলি সকীয়নি দিছে ৷
লগতে পঢ়ক : নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত