ETV Bharat / state

বিলাসীপাৰাৰ পশ্চিম শালকোচাত প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ - বিলাসীপাৰা

বিলাসীপাৰাৰ পশ্চিম শালকোচা এম.ই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ বিদ্যালয় খন বন্ধ হোৱাৰ উপক্ৰমত নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

বিলাসীপাৰাৰ পশ্চিম শালকোচাত প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

author img

By

Published : Feb 10, 2021, 1:45 PM IST

Updated : Feb 10, 2021, 2:29 PM IST

পশ্চিম বিলাসীপাৰা,10ফেব্ৰেুৱাৰী : নিজৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ দাবীত বুধবাৰে বিলাসীপাৰাৰ পশ্চিম শালকোচা এম.ই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ কেইবা বছৰ ধৰি পাঠদান চলি থকা বিদ্যালয় খন বন্ধ হোৱাৰ উপক্ৰমত চিন্তিত হৈ পৰে শিক্ষাৰ্থী আৰু অভিভাৱক সকল ৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

বিলাসীপাৰাৰ পশ্চিম শালকোচাত প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

উল্লেখ্য যে, ১৯৮৯ চনত স্থাপন হোৱা বিদ্যালয় খনৰ শিক্ষক সকলক যোৱা ৫ ফেব্ৰুৱাৰীত অন্য বিদ্যালয়ত নিযুক্তি দিয়া হৈছিল ৷ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰে পৰিপূৰ্ণ বিদ্যালয় খন বন্ধ কৰিবলৈ ওলোৱাৰ পৰিপ্ৰেক্ষিতত নিজৰ ভৱিষ্যতক লৈ এতিয়া চিন্তিত হৈ পৰে ছাত্ৰ-ছাত্ৰী সকল | যাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে দৰিদ্ৰ ঘৰৰ আৰু ছাত্ৰ-ছাত্ৰী সকলে দহ - পোন্ধৰ কিলোমিটাৰ দূৰত্বৰ বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ কৰা অসম্ভৱ হয় বুলি মন্তব্য কৰে অভিভাৱক সকলে ৷ প্ৰতিবাদৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়খনত পাঠদান বাহাল ৰখাৰ বাব চৰকাৰক অনুৰোধ জনায় ৷

অন্য এক খবৰৰ বাবে: চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা: আহত দুজন

Last Updated : Feb 10, 2021, 2:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.