ETV Bharat / state

বিলাসীপাৰাত চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰূপ - চৰকাৰী বিদ্যালয়

জুপুৰী সদৃশ গৃহটোত নাই শিক্ষাদানৰ পৰিৱেশ | পাঁচটাকৈ শ্ৰেণীৰ ১৪২ গৰাকী ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰী সকলে অতি কষ্টৰ মাজেৰে নিতৌ চলাই আহিছে পাঠদানৰ কাৰ্য্য । ভয় শংকাৰ মাজেৰে ছাত্ৰ ছাত্ৰী সকলে গ্ৰহণ কৰিছে জীৱনৰ আদিপাঠ । শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন হোৱা বুলি জাহিৰ কৰা অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী গৰাকীৰ দৃষ্টি গোচৰ হ’ব নে? সেই লৈ এক ডাঙৰ প্ৰশ্ন স্থানীয় ৰাইজৰ ।

বিলাসীপাৰাত চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰুপ
author img

By

Published : Jun 7, 2019, 10:35 AM IST

ধুবুৰী, ৭ জুনঃ বিলাসীপাৰা মহকুমাৰ চাপৰ - শালকোচা শিক্ষা খণ্ডৰ অন্তৰ্গত সন্তোষপুৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা । ভঙা চাল ,নাই বেৰ তাতেই কণ কণ ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগীয়া হৈছে ।

২০১৩ চনতে প্ৰাদেশীকৰণ হোৱা সন্তোষপুৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ চাল বেৰ নথকা জৰাজীৰ্ণ জুপুৰী সদৃশ গৃহ দুটা মাত্ৰ নামতহে ঘৰ আছে যদিও নাই ছাত্ৰ ছাত্ৰীৰ বাবে পৰ্যাপ্ত আসন | ইয়াৰ পিছতো চকু মুদা কুলিৰ ভাও জুৰি আহিছে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগ আৰু বিভাগীয় মন্ত্ৰী গৰাকীয়ে | জুপুৰী সদৃশ গৃহটোত নাই শিক্ষাদানৰ পৰিৱেশ | পাঁচটাকৈ শ্ৰেণীৰ ১৪২ গৰাকী ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰী সকলে অতি কষ্টৰ মাজেৰে নিতৌ চলাই আহিছে পাঠদানৰ কাৰ্য । ভয় শংকাৰ মাজেৰে ছাত্ৰ ছাত্ৰী সকলে গ্ৰহণ কৰিছে জীৱনৰ আদিপাঠ | কিন্তু ইয়াৰ মাজতেও বিদ্যালয় খনে অসম চৰকাৰে অনুষ্ঠিত কৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত আকৰ্ষণীয় ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । ইয়াৰ পিছতো ৰাজ্যৰ শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন হোৱা বুলি জাহিৰ কৰা অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী গৰাকীৰ দৃষ্টি গোচৰ হ’ব নে ? নে এনেকৈয়ে বছৰৰ পিছত বছৰ জৰাজীৰ্ণ বিদ্যালয় গৃহতেই শিক্ষা গ্ৰহণ কৰিব লাগিব কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে ।

বিলাসীপাৰাত চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰুপ

লগতে আন এটা বাতৰি- ৪ বছৰেও অসম্পূৰ্ণ ছয়গাঁৱৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ নতুন কাৰ্যালয়

Intro:A. I - বিলাসীপাৰাৰ এখন চৰকাৰী বিদ্যালয়ত কন কন ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ আদি পাঠ গ্ৰহণ কৰিব লগীয়া হৈছে এটি জৰাজীৰ্ণ ভঙ্গা পজা ঘৰত | কিয়নো বিদ্যালয় খনত নাই পকী বিদ্যালয় গৃহ | চাল বেৰ নথকা জৰাজীৰ্ণ জুপুৰি সদৃশ গৃহ দুটা মাত্ৰ নামৰহে ঘৰ আছে যদিও নাই ছাত্ৰ ছাত্ৰীৰ বাবে পৰ্য্যাপ্ত বহাৰ আসন | ইয়াৰ পিছতো চকু মুদা কুলিৰ ভাও জুৰি আহিছে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগ আৰু বিভাগী মন্ত্ৰী গৰাকীয়ে | কিন্তু বিদ্যালয় খনে অসম চৰকাৰে অনুষ্ঠিত কৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত আকৰ্ষণীয় ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। পিছে কত চলিছে এই দৰে জীৱনৰ আদিপাঠ গ্ৰহন ব্যৱস্থা | চাঁও আহক আমাৰ এক প্ৰতিবেদন |Body:. O - চাওঁক এই বিদ্যালয় খন লৈ | ১৯৮৫ চনত স্থাপিত হোৱা তথা ২০১৩ চনতে প্ৰাদেশীকৰণ হোৱা এখন চৰকাৰী বিদ্যালয় | বিলাসীপাৰা মহকুমাৰ চাপৰ - শালকোচা শিক্ষা খণ্ডৰ অন্তৰ্গত সন্তোষপুৰ বাপুজী প্ৰাথমিক বিদ্যালয় | বিদ্যালয় খনৰ আন্ত গাথনিৰ জৰাজীৰ্ণ তথা দুৰ্ৱাস্থা সঁচাকৈ আপোনাক চিন্তা কৰিবলৈ বাধ্য কৰাব। যে কিমান উন্নতি হৈছে অসমৰ শিক্ষা বিভাগ??? ভঙ্গা চাল ,  নাই বেৰ | সেয়া আকৌ চৰকাৰে দিয়া নহয়। শিক্ষকে নিজ গাঠিৰ ধন খৰচ কৰি তৈয়াৰ কৰিছিল বহু দিন আগত। জুপুৰি সদৃশ গৃহটোত নাই শিক্ষাদানৰ পৰিৱেশ | পাঁচটা কৈ শ্ৰেণীৰ ১৪২ গৰাকী ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰীয়ে সকলে অতি কষ্ঠৰ মাজেৰে  নিতৌ চলাই আহিছে পাঠদানৰ কাৰ্য্য |  Conclusion:এনে অৱস্থাত উপায়বিহীন হৈ শিক্ষক শিক্ষয়িত্ৰী সকলে পাঠদান কৰি আহিছে। বতাহ বৰষুণ আহিলে ব্যাঘাত জন্মে পাঠদান কাৰ্যত | ভয় শংকাৰ মাজেৰে ছাত্ৰ ছাত্ৰী সকলে গ্ৰহন কৰিছে জীৱনৰ আদিপাঠ | কিন্তু ইয়াৰ মাজতেও বিদ্যালয় খনে অসম চৰকাৰে অনুষ্ঠিত কৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত আকৰ্ষণীয় ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰ পিছতো ৰাজ্যৰ শিক্ষা খণ্ডত আমুল পৰিবৰ্তন হোৱা বুলি জাহিৰ কৰা অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী গৰাকীৰ দৃষ্টি গোচৰ হব নে এই সকল কন কন ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত |
Byte 1A+B প্ৰধান শিক্ষক
2. ছাত্ৰী
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ইটিভি ভাৰত আছাম

বি:দ্ৰুত: পাৰিলে Pkg বনাব ডেক্স।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.