ETV Bharat / state

তলা ওলমিল বিলাসীপাৰা পৌৰসভাত - বিলাসীপাৰাত পৌৰসভা

বিলাসীপাৰাত পৌৰসভাত ব্যাপক দুৰ্নীতিৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ ৷ স্থানীয় বিধায়ক তথা অশোক কুমাৰ সিংহী আৰু পৌৰপতি দ্বীপ শৰ্মাৰ ষড়যন্ত্ৰ বলি হৈ মাষ্টাৰৰোলৰ ৭ জন কৰ্মচাৰীক অব্যাহতি দিয়াৰ অভিযোগ আছু আৰু AJYCPৰ নেতা-কৰ্মীয়ে ৷

বিলাসীপাৰা
তলা ওলমিল বিলাসীপাৰা পৌৰসভাত
author img

By

Published : Feb 14, 2020, 4:56 PM IST

বিলাসীপাৰা, 14 ফেব্ৰুৱাৰীঃ বিলাসীপাৰাত বিধায়ক অশোক কুমাৰ সিংহীৰ ছত্ৰছায়াত পৌৰসভাত ব্যাপক দুৰ্নীতিৰ অভিযোগ বিভিন্ন দল-সংগৃঠনৰ। অভিযোগৰ ভিত্তিতে শুকুৰবাৰে বিয়লি বিলাসীপাৰা পৌৰসভা কাৰ্যালয়ত দেখিবলৈ পোৱা গ'ল উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদৰ ফলতে আছু, AJYCPয়ে তলা ওলমাই দিয়ে পৌৰসভাৰ কাৰ্যালয়ত ৷

তলা ওলমিল বিলাসীপাৰা পৌৰসভাত

উল্লেখ্য যে, পৌৰসভাত মাষ্টাৰৰোলত নিযুক্ত কৰ্মচাৰীক ষড়যন্ত্ৰমূলকভাৱে অব্যাহতি দিয়াৰ অভিযোগ দল-সংগঠনৰ ৷ স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীৰ ষড়যন্ত্ৰত থলুৱা কৰ্মচাৰী ৭ জনক অব্যাহতি দিয়াৰ অভিযোগ উত্থাপন কৰে দল-সংগঠনসমূহে ৷ মাষ্টাৰৰোল কৰ্মচাৰীসকল পৌৰপতি দ্বীপ শৰ্মাৰ ষড়যন্ত্ৰ বলি হোৱাৰো অভিযোগ ৷ আছু, AJYCP য়ে কৰ্মচাৰী সকলক পুনৰ মকৰলৰ দাবীত ৪৮ ঘন্টা সময়সীমা বান্ধি দিছিল যদিও সময়সীমা অতিক্ৰম কৰাৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আনিলে আছু আৰু AJYCP য়ে । শীঘ্ৰেই যদি অব্যাহতি দিয়া থলুৱা কৰ্মচাৰী ৭ জনক পুনৰ মাষ্টাৰৰোল কৰ্মচাৰীত নিযুক্ত নিদিয়ে তেনেহ'লে গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সংগঠন দুটাই ।

তলা ওলমিল বিলাসীপাৰা পৌৰসভাত

আৰু পঢ়কঃ কৃষিখণ্ডলৈ পৰিৱৰ্তন আনিছে সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.