বিলাসীপাৰা,৭জুন : প্ৰেমেই কাল হ'ল এগৰাকী ১৬বছৰীয়া কিশোৰীৰ । শুকুৰবাৰে বিলাসীপাৰাৰ বগৰিবাৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰেমিকাক বিষ খুৱাই কেৰাচিন ঢালি জ্বলাই দিলে পাষণ্ড প্ৰেমিকে ।
ঘটনা বিৱৰণী মতে, বগৰীবাৰী থানাৰ অন্তৰ্গত ৰঙামাটি তৃতীয়খণ্ড(হিলছ)ৰ বাসিন্দা ছোৰহাব আলীৰ পুত্ৰ শ্বহিদুল ইছলামৰ প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল একেখন গাঁৱৰে এজনী ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে । প্ৰেমিক শ্বহিদুলে কিশোৰগৰাকীৰ ঘৰলৈ প্ৰায়ে অহা-যোৱাও কৰিছিল । চিঠি-পত্ৰও আদান প্ৰদান হৈ আছিল দুয়োৰে মাজত । কিন্তু পৱিত্ৰ ঈদৰ দিনা দুয়োৰে মাজত হৈছিল বিতৰ্ক । বিতৰ্কৰ পাছত পাষণ্ড প্ৰেমিকে ৰচনা কৰিলে এক ষড়যন্ত্ৰৰ । কিশোৰগৰাকীৰ পৰিয়াল টোপনিত লাল-কাল হৈ থকাৰ সময়তে শ্বহিদুলে কিশোৰগৰাকীক জংঘললৈ লৈ গৈ বিষ খুৱাই কেৰাচিন ঢালি দিয়ে । জংঘলত দাউ-দাউকৈ জ্বলি উঠা জুইৰ উমান পাই পৰিয়ালৰ লোকে চিঞৰ-বাখৰ কৰাত ওচৰ চুবুৰীয়াই আহি প্ৰত্যক্ষ কৰে জ্বলি ছাই হৈ যোৱা কিশোৰীগৰাকীৰ মৃতদেহ । ইফালে এই ঘটনা সন্দৰ্ভত স্থানীয় গাঁওবুঢ়াই বগৰীবাৰী আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে প্ৰেমিকহালৰ কেইবাখনো চিঠি কিশোৰীগৰাকীৰ কিতাপৰ পৰা উদ্ধাৰ কৰে৷ ইপিনে পাষণ্ড প্ৰেমিকৰ লগতে পৰিয়ালৰ লোকেও ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা পলায়ন কৰে ঘৰৰ পৰা । ইতিমধ্যেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।