ETV Bharat / state

ধুবুৰীত পুনৰ এজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

ধুবুৰী জিলাত ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 2জনলৈ বৃদ্ধি ৷ মৃত মহিলাগৰাকী জয়নাব বানু বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকী ডায়েৰীয়া সদৃশ ৰোগত আক্ৰান্ত হৈ আছিল ৷

bilashipara_dhuburi_covid_pataint_death
ধুবুৰীত পুনৰ এজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু
author img

By

Published : Aug 6, 2020, 1:49 PM IST

ধুবুৰী,6 আগষ্ট: ধুবুৰী জিলাত পুনৰ বৃদ্ধি পালে ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা । জিলাখনত ক'ভিড ১৯ত আক্ৰান্ত হৈ মৃত্যু হয় ২ জনকৈ লোক | বুধবাৰে নিশা ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হয় জিলাখনৰ দ্বিতীয়গৰাকী ক'ভিড আক্ৰান্ত ৰোগীৰ । মৃত্যু হোৱা মহিলাগৰাকী জয়নাব বানু বুলি জানিব পৰা গৈছে | জয়নাব বানুৰ ঘৰ জিলাখনৰ বিলাসীপাৰাৰ শগুনমাৰী ৪ৰ্থ খণ্ড গাঁৱত |

ধুবুৰীত পুনৰ এজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

অন্য এক খবৰৰ বাবে: জম্মু-কাশ্মীৰৰ নতুন উপ-ৰাজ্যপাল হিচাপে নিযুক্ত মনোজ সিনহা

নিশা প্ৰায় ২ বজাত মৃতমহিলা গৰাকীক প্ৰশাসনৰ সহযোগত বিলাসীপাৰালৈ লৈ অনা হয় | তাৰ পিছতে নিশাই শগুনমাৰী কৱৰস্থানত মহিলা গৰাকীৰ জানাজা সম্পন্ন কৰি কৱৰস্থ কৰা হয় |উল্লেখ্য যে গাঁওখনৰ বাসিন্দা ফৰমান আলীৰ পত্নী জয়নব বানু বিগত কিছুদিন ধৰি ডায়েৰীয়া সদৃশ ৰোগত আক্ৰান্ত হৈ আছিল | বুধবাৰে দিনৰ ভাগত মহিলাগৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয় লৈ যোৱা হয় ৷ ইয়াৰ পাছতে মহিলা গৰাকীৰ শৰীৰত ক'ভিড-১৯ ৰ উপস্থিতি কথা পোহৰলৈ আহে | নিশা চিকিৎসালয়খনতে মহিলাগৰাকীৰ মৃত্যু হয় |

এই ঘটনাই সমগ্ৰ বিলাসীপাৰা মহকুমাতে এতিয়া এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.