ETV Bharat / state

পূৱ বিলাসীপাৰাত জ্যেষ্ঠ-কণিষ্ঠৰ মহামিলন পৰ্ব - বহলপুৰৰ চিলাৰায় সমাজ কল্যাণ সংঘ

পহিলা ব’হাগৰ দিনা পূৱ বিলাসীপাৰাৰ তটপাৰাৰ কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় মহামিলন পৰ্ব নামৰ এক অনুষ্ঠান ৷ বহলপুৰৰ চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় এই মহামিলন পৰ্ব ।

পূৱ বিলাসীপাৰাত জেষ্ঠ-কনিষ্ঠৰ মহা মিলন পৰ্ব

author img

By

Published : Apr 15, 2021, 8:46 PM IST

পূৱ বিলাসীপাৰা,১৫ এপ্ৰিল: পহিলা ব’হাগৰ দিনা পূৱ বিলাসীপাৰাৰ তটপাৰাৰ কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় মহামিলন পৰ্ব নামৰ এক অনুষ্ঠান ৷ বহলপুৰৰ চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় এই মহামিলন পৰ্ব । বিষুৱাৰ সুবাসত জ্যেষ্ঠসকলৰ শুভাশীষত কণিষ্ঠসকলৰ জীৱন জীপাল হোৱাৰ প্ৰত্যাশাৰে জ্যেষ্ঠ-কণিষ্ঠৰ মহামিলন পৰ্ব নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে বহলপুৰৰ চিলাৰায় সমাজ কল্যাণ সংঘই ।

পূৱ বিলাসীপাৰাত জ্যেষ্ঠ-কণিষ্ঠৰ মহামিলন পৰ্ব

উক্ত অনুষ্ঠানত বহলপুৰ অঞ্চলৰ প্ৰায় দুই শতাধিক জ্যেষ্ঠ, কণিষ্ঠ পুৰুষ-মহিলাই ওলাই আহি কণিষ্ঠই জ্যেষ্ঠসকলক কোচ-ৰাজবংশীৰ জাতীয় গামোচাৰে সম্বৰ্ধনা জনাই আৰ্শীবাদ লয় । বৃহস্পতিবাৰৰ এই দিনটোত সকলোৰে মনত ব্যাপক আনন্দ-উচাহ পৰিলক্ষিত হৈছে । জ্যেষ্ঠ-কণিষ্ঠসকলে মিলি হুঁচৰি গোৱাত ব্যস্ত হৈ পৰে ।

লগতে পঢ়ক: ৰংঘৰৰ বাকৰিত অনুষ্টুপীয়াকৈ পহিলা বহাগ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.