ETV Bharat / state

ধুবুৰীত চাৰিদিনীয়া ভোগালী মেলা আৰু গ্ৰন্থমেলাৰ আয়োজন - সংঘমিত্ৰা ফেডাৰেচন

ধুবুৰীত ভোগালী মেলাৰ আয়োজন ৷ ধুবুৰীৰ 2365 নং শিশু কল্যাণ প্ৰাইমাৰী স্কুল খেলপথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভোগালী মেলাত বিভিন্ন আত্মসহায়ক গোটৰ ফালৰ পৰা প্ৰায় 30 টা বিপনী খোলা হৈছে ।

bhogali-mela-and-book-fair-organised-in-dhubri
ধুবুৰীত চাৰিদিনীয়া ভোগালী মেলা আৰু গ্ৰন্থমেলাৰ আয়োজন
author img

By

Published : Jan 10, 2021, 10:50 PM IST

ধুবুৰী, 10 জানুৱাৰী : বিগত বৰ্ষৰ দৰে এইবেলিও ভোগালী উপলক্ষে ভোগালী মেলাৰ আয়োজন কৰিছে ধুবুৰীৰ সংঘমিত্ৰা ফেডাৰেচনে । ধুবুৰীৰ 2365 নং শিশু কল্যাণ প্ৰাইমাৰী স্কুল খেলপথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভোগালী মেলাত বিভিন্ন আত্মসহায়ক গোটৰ ফালৰ পৰা প্ৰায় 30 টা বিপনী খোলা হৈছে ।

bhogali-mela-and-book-fair-organised-in-dhubri
ভোগালী মেলা
bhogali-mela-and-book-fair-organised-in-dhubri
ধুবুৰীত চাৰিদিনীয়া ভোগালী মেলা আৰু গ্ৰন্থমেলাৰ আয়োজন

প্ৰতিটো বিপনীত চিৰা, মুড়ি, লাৰু, পিঠাগুৰি, তেলপিঠা, তিল পিঠা, দৈ আদি বিভিন্ন প্ৰকাৰৰ থলুৱা খাদ্য সম্ভাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । আধুনিক যুগৰ নৱ-প্ৰজন্মৰ মাজৰ পৰা অসমীয়া পৰম্পৰা খাদ্য সম্ভাৰ ক্ৰমাৎ হেৰাই যোৱাৰ প্ৰতি লক্ষ্য কৰি বিগত 6 বছৰে এই মেলাৰ আয়োজন কৰি আহিছে সংঘমিত্ৰা ফেডাৰেচনে । উল্লেখ্য যে, দেওবাৰে মেলাৰ দ্বাৰ উন্মোচন কৰে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

ইপিনে, ভোগালী মেলাৰ লগতে চাৰিদিনীয়া কাৰ্যসূচীৰে ধুবুৰী সাহিত্য সভাৰ উদ্যোগত এখন গ্ৰন্থমেলাৰ আয়োজন কৰা হয় । বঙাইগাঁৱৰ মণ্ডল বুক চেণ্টাৰৰ সৌজন্যত আয়োজন কৰা গ্ৰন্থমেলা আৰু সংঘমিত্ৰা ফেডাৰেচন ভোগালী মেলাৰ শুভ উদ্বোধন কৰি জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

গ্ৰন্থমেলা

লগতে পঢ়ক : সদৌ অসম আহোম সভাৰ ৫১ জনীয়া কেন্দ্ৰীয় সমিতি গঠন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.