এটা ঐতিহাসিক ক্ষণ ।৮৫৫ গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিৰ অন্যতম দফা আছিল অসম বাংলা সীমান্ত ছিল । ১৯৮৫ চনতে স্বাক্ষৰিত অসম চুক্তিৰ এইটো দফা ৰূপায়ন কৰিবলৈ সময় লাগিল ৩৪ টা বছৰ । সুদীৰ্ঘ অপেক্ষাৰ অন্তত আজি ছিল হ'ল ভাৰত বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্ত ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কম্প্ৰিহেনচিভ ইন্ট্ৰিগ্ৰেটেড বোৰ্ডাৰ মেনেজমেন্ট চিচটেম নামৰ অভিলাসী আঁচনিৰ জৰিয়তে স্মাৰ্ট ফেনচিঙৰ আজি শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৷
এই প্ৰকল্পৰ জৰিয়তে সীমান্তৰ জল পথ আৰু স্থল পথৰ যিকোনো অপৰাধ, অনুপ্ৰৱেশ বা দেশ বিৰোধী কাৰ্যকলাপ সহজতে ধৰা পেলাবলৈ সক্ষম হ'ব সীমান্ত সুৰক্ষা বাহিনীয়ে।
জল সীমান্ত এলেকাত চেঞ্চৰযুক্ত চনাৰ চিষ্টেম আৰু ৰাডাৰথকাৰ বিপৰীতেস্থল ভাগত থাকিব অপ্টিকেল ফাইবাৰ চিষ্টেমৰ লগতে উচ্চ ক্ষমতা সম্পন্ন কেমেৰা আৰু দ্ৰোণ কেমেৰা ।
সীমান্তৰ মুঠ ২১ টা বিওপিক সামৰি লোৱা এই প্ৰকল্প নিয়ন্ত্ৰণৰ বাবে মূল নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ধুবুৰী বৰ্মণপাৰা বি এছ এফ কেম্পত। আনহাতে বিন্নাচৰা আৰু মন্ত্ৰীৰ চৰ বি ও পিত আন দুটা নিয়ন্ত্ৰণ কক্ষ থাকিব বুলি উল্লেখ কৰে বি এছ এফৰ উচ্চ পদস্ত বিষয়াই ।
গৃহমন্ত্ৰী ৰাজনাথ সিঙে উন্মুক্ত হৈ থকা ৪৪ কলোমিটাৰ জল সীমান্ত ছিল কৰি দিয়াৰ প্ৰকল্প উদ্ধোধন কৰাৰ লগে লগেই সম্পূৰ্ণৰূপে ছিল হ'ল ধুবুৰিত থকা ১৩৪ কিলমিটাৰ দৈঘ্যৰ ভাৰত বাংলা সীমান্ত ।