ETV Bharat / state

বেংক ডকাইতিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Sep 24, 2020, 7:41 PM IST

বিহাৰৰ পৰা বেংক ডকাইতিৰ লক্ষ্যৰে অসমত প্ৰৱেশ কৰিছিল তিনিজনীয়া এটা দুৰ্ধৰ্ষ ডকাইতৰ দল ৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিলাসীপাৰা শাখাত লুটপাতৰ চেষ্টা চলাইছিল ডকাইতৰ দলটোৱে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড নিতেশ গোৱালাক ৷

bank docait arrest in bilasipara dhubri assam etv bharat news
বেংক ডকাইতিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

পশ্চিম বিলাসীপাৰা,24 ছেপ্তেম্বৰ: কিছুদিন পূৰ্বে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিলাসীপাৰা শাখাত লুটপাতৰ চেষ্টা চলাইছিল এটা তিনিজনীয়া ডকাইতৰ দলে ৷ বেংকটোত নিয়োজিত নিৰাপত্তাৰক্ষীৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড নিতেশ গোৱালাক ৷ বিহাৰৰ পৰা বেংক ডকাইতিৰ লক্ষ্যৰে অসমত প্ৰৱেশ কৰিছিল তিনিজনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলটো ।

বেংক ডকাইতিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ঘটনাৰ বিৱৰণী অনুসৰি,ডকাইতি কৰাৰ যো-জা চলাওঁতে বেংকৰ নিৰাপত্তাৰক্ষী আৰু বিলাসীপাৰা আৰক্ষীয়ে আটক কৰে ডকাইতৰ দলটোৰ মাষ্টাৰ মাইণ্ডক ৷ দলটোৰ আন দুজন সদস্য ক্ৰমে এলিচ গোৱালা আৰু সঞ্জয় গোৱালাই আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰে ৷ পলাতক দুই ডকাইতক বিচাৰি অভিযান অব্যাহত ৰাখিছে বিলাসীপাৰা আৰক্ষীয়ে ৷ এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিলাসীপাৰাত ৷

লগতে চাওকঃ এ জে পিত যোগদানৰ প্ৰস্তুতি সম্পূৰ্ণ কংগ্ৰেছ-অগপৰ তিনি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.