ধুবুৰী, 18 মে’: ভাৰত-বাংলা সীমান্তৰে অব্যাহত আছে পশুধনৰ চোৰাং সৰবৰাহ(Cattle smuggling in Indo Bangla Border) ৷ সময়ে সময়ে সীমান্তৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ কৰা হয় চোৰাংকৈ অনা পশুধনসমূহ ৷ এইবাৰ পিছে সীমান্তত পশুধনৰ চোৰাং ব্যৱসায়ত বাধা দিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হ’ল বিএছএফৰ এগৰাকী জোৱান(Bangladeshi citizen attack on BSF jawan) ৷
ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে দিনৰ প্ৰায় 2 বজাত ভাৰত-বাংলা সীমান্তৰ কালোনদীৰ ওপৰত থকা দলঙৰ তলেৰে চোৰাংকৈ একাংশ লোকে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি থকা প্ৰত্যক্ষ কৰে মানকাচৰৰ দাসপাৰাস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী জোৱানে ৷ জোৱানগৰাকীয়ে এই কাৰ্যত বাধা প্ৰদান কৰে যদিও তেওঁক আক্ৰমণ কৰে প্ৰায় 7 জনীয়া বাংলাদেশী নাগৰিকৰ এটা দলে ৷
দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় অকলশৰীয়াকৈ থকা জোৱানগৰাকী ৷ পৰৱৰ্তী সময়ত এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকে উদ্ধাৰ কৰে জোৱানগৰাকীক ৷ আহত জোৱানগৰাকীক পৰৱৰ্তী সময়ত মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদানৰ হকে ভৰ্তি কৰোৱা হয় ৷
উল্লেখ্য যে, এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱা স্থান কিছুদিন পূৰ্বেহে পৰিদৰ্শন কৰিছিল দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ সম্প্ৰতি এই আক্ৰমণৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ৷
লগতে চাওক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন