ETV Bharat / state

Riniki Bhuyan Sarma land scam; মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্কৰ তদন্ত বিৰোধীয়ে বিচাৰিব লাগে, মই বিচৰা নাই : আজমল

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:42 AM IST

মুখ্যমন্ত্ৰী পত্নীৰ মাটি, ৰাজসাহায্যৰ বিষয়টোলৈ ধুবুৰীত আজমলৰ প্ৰতিক্ৰিয়া । ‘‘মুখ্যমন্ত্ৰী পত্নীৰ মাটি, ৰাজসাহায্যৰ বিষয়টোৰ তদন্ত বিচাৰিব লাগে বিৰোধীয়ে । এতিয়ালৈ আজমলে বিচৰা নাই তদন্ত । ইফালে অমৃত বৃক্ষ সম্পূৰ্ণৰূপে বিফল হ’ব ।’’ এয়া সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্য ৷

Badruddin Ajmal reacts on Riniki Bhuyan Sarma land scam
মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্ক বিষয়টোলৈ ধুবুৰীত আজমলৰ প্ৰতিক্ৰিয়া

ধুবুৰী, 16 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰীৰ পত্নী মালিকাধীন কোম্পানীক কেন্দ্ৰীয় চৰকাৰৰ দহ কোটি টকীয়া ৰাজ সাহায্যক লৈ বিগত কেইদিনৰ পৰা উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি । বিৰোধীয়ে ইতিমধ্যে এই বিষয়টোক লৈ তদন্তৰ দাবী কৰিছে । সাংসদ বদৰুদ্দিন আজমলে সকলো বিৰোধীকে তদন্তৰ দাবী জনাবলৈ আহ্বান জনাইছে । কিন্তু এই বিষয়টোকলৈ ব্যক্তিগতভাৱে তদন্তৰ দাবী নকৰে সাংসদ আজমলে । এই কথা সাংসদগৰাকীয়ে নিজে উল্লেখ কৰিছে ৷

উল্লেখ্য যে, ভূমি কেলেংকাৰীৰ পিচত এইবাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন কোম্পানীৰ ৰাজ সাহায্যক লৈ আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক । ইয়াকে লৈ ৰাজ্যৰ ৰাজনীতিত ধুমুহা বৈ থকাৰ সময়তে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে শুকুৰবাৰে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ এক ৰহস্যজনক স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হ’ল । বিৰোধীৰ সকলোকে এই বিষয়টোক লৈ তদন্তৰ দাবী উত্থাপন আহ্বান জনায় আজমলে ।

কিন্তু আজমললৈ সাংবাদিকৰ প্ৰশ্ন, "আপুনি ব্যক্তিগতভাৱে তদন্তৰ দাবী কৰে নেকি ?" সাংসদ আজমলৰ উত্তৰ, ‘‘সকলো বিৰোধীয়ে এইটো তদন্তৰ দাবী কৰিব লাগে । মই কৰা নাই’’ । আজমলৰ এনে মন্তব্যৰ পিচতেই আজমলৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সু-সম্পৰ্ক আছে নেকি বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত । আজমলৰ ৰহস্যজনক স্থিতিৰ পিচতেই চৰ্চা হৈছে ৰাজনৈতিক মহলত । ইপিনে সাংসদ আজমল অসুস্থ বুলি এক বাতৰি বিয়পি পৰিছিল । কিন্তু আজমলে এতিয়া সম্পূৰ্ণ সুস্থ বুলি নিজে উল্লেখ কৰে ।

সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্যৰ্থ চৰকাৰ আখ্যা দিয়ে আজমলে । হজ ভৱনৰ বাবে বৰঝাৰ বিমানবন্দৰৰ ওচৰত দহ বিঘা ভূমি আবণ্টনৰ আহ্বান জনাইছে আজমলে । জালুকবাৰীত নিৰ্মীয়মান হজ ভৱনটো অজমলে নলয় বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ।

আনহাতে, তৰুণ গগৈৰ কাৰ্যকালত প্ৰতিগৰাকী মন্ত্ৰীয়ে দুৰ্নীতি কৰিছে আৰু বন বিভাগৰ বহু ভূমিও একাংশই দখল কৰিছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । সেয়ে এইবোৰৰ তদন্তও হ’ব লাগে বুলি দাবী কৰে আজমলে । ‘‘ইণ্ডিয়া নাম সলনি কৰাক লৈ বিৰোধিতা কৰি আছো, কৰি যাম । এইবাৰ লোকসভাত প্ৰতিবাদ কৰিব আজমলে’’ ।

সাংবাদিকৰ আগত এই মন্তব্য কৰে তেওঁ ৷ আনপিনে অমৃত বৃক্ষ ৰোপনকলৈয়ো কেতবোৰ মন্তব্য কৰে আজমলে । ‘‘অমৃত বৃক্ষ ৰোপন সম্পূৰ্ণ ফেইল হ’ব চৰকাৰ । অকল দুৰ্নীতিৰ বাবেই এই আঁচনি লৈছে চৰকাৰে । এইবাৰ ধুবুৰী লোকসভা নিৰ্বাচনত আজমল এশ শতাংশই জিকিব ৷’’ - এই মন্তব্য আজমলৰ ৷

লগতে পঢ়ক : Riniki Bhuyan Sarma land scam: সাংসদ পল্লৱলোচন দাসৰ প্ৰশ্নৰ উত্তৰত ওলাল মুখ্যমন্ত্রী পত্নীৰ ৰাজসাহায্য লাভৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.