ধুবুৰী, 15 ফেব্ৰুৱাৰী : ধুবুৰীৰ গোলকগঞ্জত শ শ বিঘা মাটিত এইবাৰ বাদামৰ খেতি কৰিছে কেইগৰাকীমান কৃষকে । গোলকগঞ্জৰ শুকান বালি চৰত কৃষকসকলে কৰিছে বাদামৰ খেতি ৷ প্ৰথমবাৰৰ বাবে 100 বিঘা মাটিত কৰিছে বাদাম খেতি ৷
উল্লেখ্য যে, সমষ্টিটোৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰে 10 কুইণ্টল বাদামৰ বীজ দিয়ে বৰ বালাচৰ গাঁৱৰ বহু কেইজন যুৱকক । তাৰ পিছত যুৱক কেইজনে বিধায়কে দিয়া এই বাদামৰ বীজ সিঁচি এইদৰে শ শ বিঘা বাদাম খেতি কৰে । বৰ্তমান এই বাদামৰ খেতিয়ে আকৰ্ষিত কৰিছে সকলোকে ।
![badam-cultivation-in-dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-15feb-badam-kheti-visbyte-as10041_15022021131424_1502f_1613375064_894.jpg)
ইপিনে, বিধায়কে এই বাদামৰ খেতি নিৰীক্ষণ কৰিবলৈ গৈ সাংবাদিকৰ আগত কয় যে, ধুবুৰী তথা গোলকগঞ্জত এনেকুৱা খেতি খুব কম পৰিমানে কৰা দেখা যায় গতিকে বৈজ্ঞানিক পদ্ধতিৰে কৰা এই বাদামৰ খেতিয়ে গোলকগঞ্জৰ বহুতো শিক্ষিত নিবনুৱা যুৱকক পৰৱৰ্তী সময়ত কৰ্মসংস্থাপনৰ পথ মুকলি কৰি দিব । লগতে, গোলকগঞ্জৰ পৰা উৎপাদিত এই বাদাম অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হ'ব বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ।
![badam-cultivation-in-dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-15feb-badam-kheti-visbyte-as10041_15022021131424_1502f_1613375064_356.jpg)
লগতে পঢ়ক : বৃন্দাবনত শীঘ্ৰেই প্ৰতিষ্ঠা হ'ব নামঘৰ: বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা