ETV Bharat / state

বিদ্যালয়ত পাঠদান বন্ধ কৰি উদ্যোগপতিৰ সজাগতা সভা - পাঠদান বন্ধ কৰি উদ্যোগপতিৰ সজাগতা সভা অনুষ্ঠিত

ধুবুৰীত এগৰাকী উদ্যোগপতিৰ সজাগতা সভা ৷ সভা অনুষ্ঠিত কৰাৰ নিমিত্তে বিদ্য়ালয়ৰ পাঠদান বন্ধ ৰখাৰ অভিযোগ হাবিব মহম্মদ চৌধুৰী নামৰ উদ্যোগপতিগৰাকীৰ বিৰুদ্ধে ৷ সভাত অংশগ্ৰহণ কৰে ধুবুৰীৰ বিজেপি কৰ্মীসকলে ৷

awarness meeting at dhubri assam etv bharat news
পাঠদান বন্ধ কৰি উদ্যোগপতিৰ সজাগতা সভা অনুষ্ঠিত
author img

By

Published : Jan 6, 2021, 9:37 AM IST

ধুবুৰী,6 জানুৱাৰী : সমাগত অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে প্ৰচাৰ সভা ৷ নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী থকা অৱস্থাত ধুবুৰীৰ আকাশত সঘনে দেখা গৈছে হেলিকপ্তাৰ ৷ কিন্তু এয়া কোনো ৰাজনৈতিক নেতাৰ হেলিকপ্তাৰ নহয়, এইখন হেলিকপ্তাৰ হৈছে হোজাইৰ এগৰাকী উদ্যোগপতিৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি,বিদ্যালয়ৰ পাঠদান বন্ধ কৰি ধুবুৰীৰ শিমুলতলাত হোজাইৰ উদ্যোগপতি হাবিব মহম্মদ চৌধুৰীয়ে অনুষ্ঠিত কৰি আহিছে সজাগতামূলক সভা ৷ সোমবাৰে পুৱা 10 বজাৰ পৰা স্থানীয় একাংশ বিজেপি কৰ্মীৰ সহযোগত গৌৰীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মাজেৰ আলগা শিমুলতলা এম ই মাদ্ৰাছা খেলপথাৰত অনুষ্ঠিত হয় সভাখন ৷ ভয়ৰ পৰা স্বাধীনতা শীৰ্ষক সজাগতা সভাখন জে এফ ফাউণ্ডেছনৰ বেনাৰত অনুষ্ঠিত হয় ৷

পাঠদান বন্ধ কৰি উদ্যোগপতিৰ সজাগতা সভা অনুষ্ঠিত

উল্লেখ্য যে, উদ্যোগপতিগৰাকীয়ে বিগত সময়ছোৱাত একাংশ ৰাজনৈতিক শক্তিৰে পুষ্ট ব্যক্তিয়ে সমাজখন পৰিচালিত কৰি অহা বুলি মন্তব্য কৰে ৷ ইফালে নিৰ্বাচনৰ পূৰ্বে এনেদৰে সজাগতা সভা অনুষ্ঠিত কৰি অহা উদ্যোগপতিগৰাকী বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে জিলাখনৰ ৰাজনৈতিক মহলে ৷ কিন্তু সভা অনুষ্ঠিত কৰাৰ নিমিত্তে পাঠদান বন্ধ কৰা কাৰ্যক গৰিহণা দিছে সচেতন মহলে ৷

awarness meeting at dhubri assam etv bharat news
হোজাইৰ উদ্যোগপতিৰ সজাগতা সভা

লগতে চাওকঃ ক’ত আছে বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.