ETV Bharat / state

ATM card fraudsters arrested: ধুবুৰীৰ গৌৰীপুৰত দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ - গৌৰীপুৰ আৰক্ষী থানা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পিয়াপি দি ফুৰিছে ATM প্ৰৱঞ্চকে । ATM ৰে ধন উলিওৱাৰ সময়ত সমস্যাত পৰা গ্ৰাহকক সহায় কৰাৰ চলেৰে ATM কাৰ্ড সলনি কৰি গ্ৰাহকৰ কষ্টোপাৰ্জিত ধন হৰলুকি কৰা এটা চক্ৰৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীয়ে চলাই এক অভিযান । অভিযানত গ্ৰেপ্তাৰ কৰে দুটাকৈ ATM প্ৰৱঞ্চকক(ATM card fraudsters arrested at Gauripur in Dhubri) ।

Two ATM thieves arrested at Gauripur in Dhubri
ধুবুৰীৰ গৌৰীপুৰত দুই ATM চোৰক গ্ৰেপ্তাৰ
author img

By

Published : Mar 1, 2023, 9:39 AM IST

ধুবুৰীৰ গৌৰীপুৰত দুই ATM চোৰক গ্ৰেপ্তাৰ

ধুবুৰী,১ মাৰ্চ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছে ATM ৰ জড়িয়তে বিভিন্ন পন্থাৰে ধন হৰলুকি কৰা প্ৰৱঞ্চকৰ দল । কেতিয়াবা যদি বৃদ্ধ লোকক ATM কাৰ্ডৰে ধন উলিয়াই দিয়াৰ চলেৰে, আন কেতিয়াবা আকৌ ATM সলনি কৰি আনৰ কষ্টোপাৰ্জিত ধন হৰলুকিৰ চেষ্টা চলাই আহিছে প্ৰৱঞ্চক চক্ৰই । তেনে প্ৰৱঞ্চকৰ বিৰুদ্ধে এতিয়া অধিক কঠোৰ হৈ পৰিছে অসম আৰক্ষীও । এইবাৰ, ATM ৰ ভিতৰত সাধাৰণ লোকক ফুচলাই এটিএম কাৰ্ড সলনি কৰা চক্ৰৰ বিৰুদ্ধে ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে চলাই এক অভিযান । আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বহু কেইখন এটিএম কাৰ্ড । লগতে গ্ৰেপ্তাৰ কৰে এই চক্ৰৰ সৈতে জৰিত দুই প্ৰৱঞ্চকক(ATM thief arrested) ।

দীৰ্ঘদিনে গৌৰীপুৰৰ বিভিন্ন প্ৰান্তত খকা ATM সমূহৰ ভিতৰত প্ৰৱেশ কৰি এটিএমৰ টকা হৰলুকি কৰা চক্ৰটোৰ দুজনক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গৌৰীপুৰ আৰক্ষী(ATM fraud arrested) । গ্ৰাহকক সহায় কৰাৰ চলেৰে চকুৰ পলকতে এটিএম সলনি কৰি লাখ লাখ টকা লুটি নিয়া লুণ্ঠনকাৰী চক্ৰটোৰ দুটাকৈ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(ATM card fraudsters arrested in Dhubri) । জানিব পৰা মতে নাজিমা খাতুন নামৰ ভুক্তভোগী মহিলাগৰাকীয়ে এটা এটিএমলৈ গৈছিল ধন সংগ্ৰহৰ বাবে । কিন্তু ATM মেচিনটোৰ পৰা টকা উলিওৱাত কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ সময়তে এটিএমৰ ভিতৰত প্ৰৱেশ কৰে প্ৰৱঞ্চক চক্ৰৰ এটা চাৰি পাঁচ জনীয়া দল।

তাৰ পিছতেই সুযোগ বুজি চক্ৰটোৱে সলনি কৰিলে মহিলাগৰাকীৰ এটিএম কাৰ্ডখন । এই লৈ সন্দেহ হোৱাত মহিলাগৰাকীয়ে কাষ চাপে আৰক্ষীৰ ৷ মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিলে অভিযান । অৱশেষত ২৭ ফ্ৰেব্ৰুৱাৰীৰ নিশা গৌৰীপুৰ আৰক্ষীয়ে এক বিশেষ অভিযান চলাই জালত পেলালে দুটাকৈ প্ৰৱঞ্চকক ।

পৰৱৰ্তী সময়ত গৌৰীপুৰ আৰক্ষী থানাত ৰুজু হৈ থকাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ধৃত দুই এটিএম প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে । ধৃত প্ৰৱঞ্চক দুটা দক্ষিণ শালমাৰাৰ সাজাহান আলী মোল্লা আৰু ধুবুৰী আমিনেৰ চৰ গাঁৱৰ ছানোৱাৰ আলী বুলি জানিব পৰা গৈছে । দুয়োকে গৌৰীপুৰ আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত বৰ্তমানো জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু বিষ্ফোৰক তথ্য । অৱশ্যে তদন্তৰ খাতিৰত এতিয়ালৈ মুখ খোলা নাই আৰক্ষীয়ে । উল্লেখ্য যে, পুৰ্বেও বহুকেইটা গোচৰৰ ভিত্তিত অভিযান চলাই এটিএম প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে গৌৰীপুৰ আৰক্ষীয়ে ।

লগতে পঢ়ক: Hearing on power tariff hike: বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ত বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত শুনানি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.