ETV Bharat / state

বিষয় শিক্ষকৰ অভাৱত বন্ধ হ'ব নেকি ধুবুৰীৰ দুখন চৰকাৰী বিদ্যালয়!

author img

By

Published : May 27, 2019, 8:03 PM IST

ধুবুৰীৰ তিনিখন চৰকাৰী বিদ্যালয়ৰ বিজ্ঞান শাখাৰ এশ শতাংশ উত্তীৰ্ণ । একেৰাহে চাৰি বছৰে এশ শতাংশ উত্তীৰ্ণ হয় ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। বিষয় শিক্ষক নোহোৱাকৈ এশ শতাংশ উত্তীৰ্ণ আন দুখন চৰকাৰীৰ বিদ্যালয়

বিষয় শিক্ষকৰ অভাৱত বন্ধ হ'ব নেকি ধুবুৰীৰ দুখন চৰকাৰী বিদ্যালয়!

ধুবুৰী, 27 মে': ধুবুৰীৰ তিনি খন চৰকাৰী বিদ্যালয়ৰ বিজ্ঞান শাখাৰ এশ শতাংশ উত্তীৰ্ণ । একেৰাহে চাৰি বছৰে এশ শতাংশ উত্তীৰ্ণ হয় ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। বিষয় শিক্ষক নোহোৱাকৈ এশ শতাংশ উত্তীৰ্ণ আন দুখন চৰকাৰীৰ বিদ্যালয় ।

উল্লেখ্য যে, ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিগত চাৰি বছৰৰ পৰা বিজ্ঞান শাখাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । চাৰিটা বছৰৰ পৰা বিজ্ঞান শাখাত এশ শতাংশ ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছে । যাৰ ফলত অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা পুৰস্কৃত কৰা হৈছে বিদ্যালয়খনক। পিছে এইবেলিও সদ্য ঘোষিত ফলাফলত বিজ্ঞান শাখাত এশ শতাংশ পৰীক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত অধ্যক্ষ তথা শিক্ষকসকল আনন্দিত হৈ পৰিছে । বিদ্যালয় খনৰ পৰা এইবেলি বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৬৮ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৬৬ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ২ গৰাকী পৰীক্ষাৰ্থী । ইপিনে ইয়াৰে ভিতৰত ৮ গৰাকীয়ে ডিষ্টিংশ্যন নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে আন ৪০ গৰাকীয়ে লাভ কৰে ষ্টাৰ নম্বৰ ।

আনহাতে, ধুবুৰী চৰকাৰী ল'ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত আটাইকেইটা বিষয় শিক্ষক নোহোৱাকৈ এশ শতাংশ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে শিক্ষিত সমাজক । বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ মুঠ ১৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৫ গৰাকীয়ে প্ৰথম বিভাগত আৰু এঘাৰ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ ব্ৰিটিছৰ দিনৰ এইখন বিদ্যালয়ত সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ ছাত্ৰ জীৱনৰ স্মৃতি বিজড়িত বিদ্যালয়খনৰ সুদীৰ্ঘ বছৰৰ পৰা শিক্ষকৰ অভাৱে জুৰুলা কৰিছে শিক্ষা ব্যৱস্থা । বিদ্যালয়ৰ অধ্যক্ষই জনোৱা মতে, সুদীৰ্ঘ বছৰে বিজ্ঞান শাখাৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান,উদ্ভিদ বিজ্ঞান, প্ৰাণীবিজ্ঞান আদি বিষয় সমূহৰ কোনো বিষয় শিক্ষক নাই । আনকি ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান, প্ৰাণীবিজ্ঞান আদি বিষয় সমূহৰ নাই ডেম'নষ্ট্ৰেটৰ। কেৱল গণিতৰ এগৰাকী বিষয় শিক্ষক আৰু পদাৰ্থ বিজ্ঞানৰ এগৰাকী ডেম'নষ্ট্ৰেটৰৰ জৰিয়তে চলিছে বিদ্যালয় খনৰ বিজ্ঞান শাখা ।

তাৰোপৰি ইংৰাজী,জীৱবিজ্ঞান, আৰু গণিতৰ বিষয় শিক্ষক নোহোৱাকৈ চলিছে ধুবুৰীৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখা। যাৰ ফলত একপ্ৰকাৰ বন্ধ হোৱাৰ পথত এইখন চৰকাৰী বিদ্যালয়ৰ বিজ্ঞান শাখা। এইবেলি বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত মাত্ৰ দুগৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল যদিও দুয়ো গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । উল্লেখযোগ্য যে, ধুবুৰীৰ তিনিখন চৰকাৰী বিদ্যালয়ৰ বিজ্ঞান শাখাৰ ফলাফলে দৃষ্টি আকৰ্ষণ কৰিছে ধুবুৰীৰ শৈক্ষিক মহলৰ। যদিও শতবৰ্ষ গৰকা ব্ৰিটিছৰ দিনৰ আৰু সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত ঐতিহাসিক ধুবুৰী চৰকাৰী ল'ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ অভাৱ পূৰণ কৰাৰ দাবী জনাইছে ধুবুৰীৰ শৈক্ষিক মহলে । অন্যথা এটা সময়ত বন্ধ হ'ব পাৰে উল্লেখিত চৰকাৰী বিদ্যালয় দুখনৰ বিজ্ঞান শাখা ।

Intro: ধুবুৰীৰ তিনি খন চৰকাৰী বিদ্যালয়ৰ বিজ্ঞান শাখাৰ এশ শতাংশ উত্তীৰ্ণ। একেৰাহে চাৰি বছৰে এশ শতাংশ উত্তীৰ্ণ হোৱা ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। বিষয় শিক্ষক নোহোৱাকৈ এশ শতাংশ উত্তীৰ্ণ আন দুখন ঐতিহাসিক চৰকাৰী বিদ্যালয়।

Body: এইখন ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়। সুন্দৰকৈ সজাই পৰাই ৰখা এইখন চৰকাৰী বিদ্যালয়ে বিগত চাৰি বছৰৰ পৰা বিজ্ঞান শাখাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। চাৰিটা বছৰৰ পৰা বিজ্ঞান শাখাত এশ শতাংশ ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছে। যাৰ ফলত অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা বিশেষ ভাবে পুৰস্কৃত কৰা হৈছে বিদ্যালয় খনলৈ। পিছে এইবেলিও সদ্য ঘোষিত ফলাফলত বিজ্ঞান শাখাত এশ শতাংশ পৰীক্ষাৰ্থী সুখ্যাতিত উত্তীৰ্ণ হোৱাত অধ্যক্ষ তথা শিক্ষক সকল আনন্দিত হৈ পৰিছে। বিদ্যালয় খনৰ পৰা এইবেলি বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৬৮ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৬৬ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ২ গৰাকী পৰীক্ষাৰ্থী। ইপিনে ইয়াৰে ভিতৰত ৮ গৰাকীয়ে ডিষ্টিংচন নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে আন ৪০ গৰাকীয়ে লাভ কৰে ষ্টাৰ নম্বৰ। মুঠৰ ওপৰত বিগত তিনি বছৰে এশ শতাংশ ফলাফল দেখুৱাই হেট্ৰিক মৰাৰ পিছত এইবেলি পুনৰ এশ শতাংশ ফলাফল দেখুৱাই সুনাম কঢ়িয়াই আনিছে বিদ্যালয় খনে।
Byte:- অধ্যক্ষ

ইপিনে এইখন ধুবুৰী চৰকাৰী লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখন বিদ্যালয়ৰ বিজ্ঞান শাখাত আটাইকেইটা বিষয় শিক্ষক নোহোৱাকৈ এশ শতাংশ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। বিদ্যালয় খনৰ বিজ্ঞান শাখাৰ মুঠ ১৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৫ গৰাকীয়ে প্ৰথম বিভাগত আৰু এঘাৰ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, ব্ৰিটিছৰ দিনৰ এইখন বিদ্যালয়ত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ছাত্ৰ জীৱনৰ স্মৃতি বিজড়িত এইখন ঐতিহাসিক বিদ্যালয় খনৰ সুদীৰ্ঘ বছৰৰ পৰা শিক্ষকৰ অভাৱে জুৰুলা কৰিছে শিক্ষা ব্যৱস্থা। বিদ্যালয়ৰ অধ্যক্ষই জনোৱা মতে, বিজ্ঞান শাখাৰ ফিজিক্স, কেমেষ্ট্ৰি, ব'টানি, জু'লজি আদি বিষয় সমূহৰ কোনো বিষয় শিক্ষক নাই সুদীৰ্ঘ বছৰে। আনকি কেমেষ্ট্ৰি, ব'টানি, জু'লজি আদি বিষয় সমূহৰ নাই ডেম'নষ্ট্ৰেটৰ। কেৱল গণিতৰ এগৰাকী বিষয় শিক্ষক আৰু ফিজিক্সৰ এগৰাকী ডেম'নষ্ট্ৰেটৰৰ জৰিয়তে চলিছে বিদ্যালয় খনৰ বিজ্ঞান শাখা।
Byte:- অধ্যক্ষ

একেদৰে ইংৰাজী, বায়োল'জি, আৰু গণিতৰ বিষয় শিক্ষক নোহোৱাকৈ চলিছে এইখন চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখা। যাৰ ফলত একপ্ৰকাৰ বন্ধ হোৱাৰ পথত এইখন চৰকাৰী বিদ্যালয়ৰ বিজ্ঞান শাখা। কাৰণ এইবেলি বিদ্যালয় খনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত মাত্ৰ দুগৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। যদিওঁ দুয়ো গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
Byte:- অধ্যক্ষ

Conclusion: উল্লেখযোগ্য যে, ধুবুৰীৰ তিনিখন চৰকাৰী বিদ্যালয়ৰ বিজ্ঞান শাখাৰ ফলাফলে দৃষ্টি আকৰ্ষণ কৰিছে ধুবুৰীৰ শৈক্ষিক মহলৰ। যদিওঁ এশ বৰ্ষ গৰকা ব্ৰিটিছৰ দিনৰ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত ঐতিহাসিক ধুবুৰী চৰকাৰী লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ অভাৱ পূৰণ কৰাৰ দাবী জনাইছে ধুবুৰীৰ শৈক্ষিক মহলে। অন্যথা এটা সময়ত বন্ধ হব পাৰে উল্লেখিত চৰকাৰী বিদ্যালয় দুখনৰ বিজ্ঞান শাখা।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.