ETV Bharat / state

অগপ-বিজেপিক এজনো ভোটাৰে ভোট নিদিয়ে!

ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ দলীয় টিকটৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্তৰ হাত থকা বুলি বিভিন্ন ৰাজনৈতিক নেতাই মন্তব্য কৰি অহাৰ সময়তে মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আবু তাহেৰ বেপাৰীয়ে।

ধুবুৰীৰ কংগ্ৰেছী প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া
author img

By

Published : Apr 2, 2019, 11:04 PM IST

ধুবুৰী, 2 এপ্ৰিলঃ এসময়ৰ দাদা ব্ৰিগেডৰ অন্যতম সদস্য আবু তাহেৰ বেপাৰীৰ টিকটত হিমন্তৰ হাত থকা বুলি কৰা মন্তব্যৰ ফলত বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰদান আবু তাহেৰ বেপাৰীৰ। নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে আৰম্ভ হৈছে বোকা চটিওৱাৰাজনীতি।

ধুবুৰীৰ কংগ্ৰেছী প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া

অগপ বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ সৈতে কংগ্ৰেছৰ আবু তাহেৰৰ যুজঁ হব বুলি আবু তাহেৰ বেপাৰীয়ে উল্লেখ কৰে যদিওজাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা কোনো এজন ভোটাৰ বা নাগৰিকে বিজেপি অগপক ভোট নিদিয়ে বুলি দাবী কৰে আবু তাহেৰ বেপাৰীয়ে।

Intro: কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া। এসময়ৰ দাদা ব্ৰিগেডৰ অন্যতম সদস্য আবু তাহেৰ বেপাৰীৰ টিকটত হিমন্তৰ হাত থকা বুলি এক বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে প্ৰতিক্ৰিয়া আবু তাহেৰ বেপাৰীৰ। আনকি CAB বিৰোধী কোনো লোকে অগপ বিজেপিক ভোট নিদিয়ে বুলি কলে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে।

Body: নিৰ্বাচনলৈ মাজত মাথোঁ কেইটাদিন বাকী থকাৰ সময়তে ইজন সিজনৰ মাজত আৰম্ভ হৈছে বোকা চটিওয়া ৰাজনীতি। উল্লেখযোগ্য যে, তৰুণ গগৈ চৰকাৰৰ সময়ত দাদা ব্ৰিগেড হিমন্ত বিশ্ব শৰ্মা আছিল আবু তাহেৰ বেপাৰী আৰু জাবেদ ইছলামৰ ৰাজনৈতিক গুৰু। ৰাজনৈতিক গুৰুৰ কথা মতেই চলিছিল আবু তাহেৰ আৰু জাবেদ ইছলাম। হিমন্তৰ নেতৃত্বত একাংশই বিসম্বাদৰ ৰাজনীতি কৰি এটা সময়ত হিমন্ত নেতৃত্বাধীন বিসম্বাদী গোট গেৰুৱা বসন পৰিধান কৰে। ইয়াৰে ভিতৰত আছিল ধুবুৰীৰ আবু তাহেৰ বেপাৰিও। আবু তাহেৰ বেপাৰীয়ে বিজেপিত বেপাৰ কৰিব নোৱাৰি পুনৰ উভতনি যাত্ৰা কৰে কংগ্ৰেছলৈ। যদিওঁ জাবেদ ইছলামে পৰৱৰ্তী সময়ত অগপ দলত যোগদান কৰে। কিন্তু দুগৰাকী নেতাৰ দল বেলেগ হলেও ৰাজনৈতিক গুৰু কিন্তু এজনেই। বৰ্তমান বিজেপি দলৰ এজন প্ৰভাৱশালী মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা। দাদা ব্ৰিগেডৰ সদস্য আবু তাহেৰ বেপাৰীয়ে কংগ্ৰেছৰ আৰু জাবেদ ইছলাম অগপ বিজেপি মিত্ৰ দলৰ মনোনীত প্ৰাৰ্থী ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী যুঁজত নামিছে। ইপিনে ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ দলীয় টিকটৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্তৰ হাত থকা বুলি বিভিন্ন ৰাজনৈতিক নেতাই মন্তব্য কৰি অহাৰ সময়তে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আবু তাহেৰ বেপাৰীয়ে।
ইপিনে অগপ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ সৈতে কংগ্ৰেছৰ আবু তাহেৰৰ যুজঁ হব বুলি আবু তাহেৰ বেপাৰীয়ে উল্লেখ কৰে যদিওঁ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা কোনো এজন ভোটাৰ বা নাগৰিকে বিজেপি অগপক ভোট নিদিয়ে বুলি দাবী কৰে আবু তাহেৰ বেপাৰীয়ে।

Byte:- আবু তাহেৰ বেপাৰী

Conclusion: উল্লেখযোগ্য যে, কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে অসম বংগ সীমান্তত অৱস্থিত নিজা বাসগৃহত উপস্থিত হোৱাৰ লগে লগে গাঁও বাসীয়ে এইদৰে আদৰণি জনায় আবু তাহেৰ বেপাৰিক।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.