ETV Bharat / state

মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ

author img

By

Published : Apr 3, 2019, 8:48 PM IST

নীলমনি সেন ডেকাক কাষতলৈ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে মনোনয়ন দাখিল কৰে৷

মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ

ধুবুৰী, 3 এপ্ৰিলঃ বুধবাৰে নীলমনি সেন ডেকাক কাষতলৈ মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে৷ বিশাল শোভাযাত্ৰাৰে মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰাৰ ক্ষন্তেক পিচতেই কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী গৰাকীয়ে দলীয় নেতা কৰ্মী আৰু সমৰ্থক লগত লৈ মনোনয়ন দাখিল কৰে৷

মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ

ধুবুৰী ৰাজীৱ ভৱনৰ পৰা মন্ত্ৰী নীলমণি সেন ডেকা, কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী,ডঃ মতিওৰ ৰহমান মণ্ডলৰ লগতে বহু কেইজন বিধায়কৰ আৰু সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকে হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্লোগানেৰে ধুবুৰীৰ আকাশ বতাহ কঁপাই তোলে।

আনহাতেৃ মনোনয়ন পত্ৰ দাখিল কৰি "আজমল ফেক্টৰ নহয় আৰু তেওঁৰ জৰাফুঁকাই এইবাৰ কাম নিদিব, এইবেলি ৰাইজে আজমলক চিৰ বিদায় দিব" বুলি মন্তব্য কৰে ৱাজেদ আলী চৌধুৰীয়ে।

Intro: আজি মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰাৰ ক্ষন্তেক পিছতেই মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে। বিশাল শোভাযাত্ৰা উলিয়াই আবু তাহেৰে দাখিল কৰিলে মনোনয়ন পত্ৰ।

Body: আজি মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰাৰ ক্ষন্তেক পিছতেই কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে দলীয় নেতা কৰ্মী আৰু সমৰ্থকক লৈ বিশাল শোভাযাত্ৰা উলিয়াই আবু তাহেৰে দাখিল কৰিলে নিজৰ মনোনয়ন পত্ৰ। দৰাচলতে ধুবুৰী ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু ডঃ মতিওৰ ৰহমান মণ্ডল, জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা, প্ৰাক্তন মন্ত্ৰী মহিবুল হক, প্ৰাক্তন বিধায়ক আলী আকবৰ, প্ৰাক্তন বিধায়ক গুল আখতাৰা, প্ৰাক্তন বিধায়ক আপতাব উদ্দিনকে ধৰি সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকে হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্লোগানেৰে ধুবুৰীৰ আকাশ বতাহ কঁপাই তোলে। ইপিনে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে জিলা উপায়ুক্তৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত তেওঁ জয়ী হৈ গল বুলি আজিয়েই ধাৰণা কৰে। লগতে কংগ্ৰেছৰ জন সমৰ্থন দেখি বিৰোধীয়ে থৰক বৰক খাইছে বুলি কৈ "তাহেৰ বেপাৰী আ ৰাহাহে" বুলি হিন্দী দাইলক মাৰে।

ইপিনে কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই কয়ঃ আবু তাহেৰ বেপাৰী কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থী আৰু এইবেলি কংগ্রেছৰ জয় নিঃশ্চিত। লগতে আজমল ফেক্টৰ নহয় আৰু তেওঁৰ জৰাফুঁকাই এইবাৰ কাম নিদিব বুলি কৈ এইবেলি আজমলক চিৰ বিদায় দিব বুলি কলে ৱাজেদ আলী চৌধুৰীয়ে।

Conclusion: মুঠৰ ওপৰত আজমল আৰু অগপ বিজেপি বিপিএফ মিত্ৰ দলৰ মাজত মূল যুজঁ হব বুলি উল্লেখ কৰে ৱাজেদে। কংগ্ৰেছে জয়ী হোৱাটো নিঃশ্চিত দাবী কৰি আহিছে যদিওঁ নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব। কিন্তু প্ৰাৰ্থীত্ব কেন্দ্ৰিক বিসম্বাদৰ সৃষ্টি হোৱাৰ পিছত প্ৰাৰ্থীত্ব বিচাৰি বিমুখ হোৱা প্ৰতিগৰাকী কংগ্ৰেছ নেতাই আজি আবু তাহেৰ বেপাৰিক সহযোগ কৰা দেখা যায়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.