ETV Bharat / state

ধুবুৰীত মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত ভাটি (বাৰ্ণাৰ) নিৰ্মাণৰ বাবে প্ৰথমবাৰৰ বাবে ১৯ জনলৈ হিতাধিকাৰীৰ মাজত অনুদানৰ চেক বিতৰণ কৰা হয় । এই আঁচনিৰ অধীনত প্ৰতিজন হিতাধিকাৰীক ১.৫ লাখ টকাকৈ প্ৰদান কৰা হ'ব যদিও প্ৰথম পৰ্যায়ত প্ৰতি গৰাকীক ৫০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয় ।

_ASHARIKANDI_VILLAGE_
ধুবুৰীত মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত হিতাধিকাৰীক চেক প্ৰদান
author img

By

Published : Nov 14, 2020, 5:03 PM IST

ধুবুৰী, 14 নৱেম্বৰঃ ধুবুৰীৰ আশাৰীকান্দি টেৰাকোটা শিল্প গাঁৱৰ শিল্পীসকলক শনিবাৰে চৰকাৰৰ বিশেষ আঁচনিৰ অধীনত 50 হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয় । মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধিনত ভাটি (বাৰ্ণাৰ) নিৰ্মাণৰ বাবে প্ৰথমবাৰৰ বাবে ১৯ জনলৈ হিতাধিকাৰীৰ মাজত এই অনুদানৰ চেক বিতৰণ কৰা হয় ।

এই আঁচনিৰ অধীনত প্ৰতিজন হিতাধিকাৰীক ১.৫ লাখ টকাকৈ প্ৰদান কৰা হব যদিও প্ৰথম পৰ্যায়ত প্ৰতি গৰাকীক ৫০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয় । ধুবুৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে প্ৰদান কৰা এই আঁচনিৰ অনুদান আশাৰীকান্দি গাঁৱৰ মুঠ ৯৫ টা পৰিয়ালক দিয়া হয় ।

এই চেক প্ৰদান অনুষ্ঠানত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সঞ্চালক নিৰ্মল দাস, জিলা বিজেপি সভাপতি দেৱময় স্যান্যাল, সামাজ সেৱক বিমল ওচোৱাল, দিপক সাহা আৰু নেকাৰ্ডৰ সঞ্চালক বিনয় ভট্টাচাৰ্য্য আদি উপস্থিত থাকে ।

লগতে পঢ়কঃ ফিলিপাইন্সত ঘূৰ্ণীবতাহ ভামকোত মৃতকৰ সংখ্যা 53 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.