বিলাসীপাৰা,৯ জুলাই: গুৱাহাটীৰ দিছপুৰ হাস্পতালৰ চিকিৎসকৰ বিৰুদ্ধে ৰোগীৰ চিকিৎসা সেৱা আধাতে বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। বিলাসীপাৰা চহৰৰ মঞ্জিত কলিতা আৰু ৰুমি কলিতা নামৰ লোক কেইগৰাকীয়ে আনিছে অভিযোগ উত্থাপন কৰে ।
মঞ্জিত কলিতা আৰু ৰুমি কলিতাৰ ৪ বছৰীয়া পুত্ৰ যুৱজিৎ কলিতা অসহ্য পেটৰ বিষত আক্ৰান্ত হৈছিল। শিশুটিৰ সু চিকিৎসাৰ বাবে পৰিয়ালটোৱে ২০১৩ চনৰ ২২ জুলাইত গুৱাহাটীস্থিত দিছপুৰ হাস্পতালৰ ৰাজীৱ ৰায় বৰুৱা আৰু সিদ্ধাৰ্থ ফুকন নামৰ চিকিৎসকদ্বয়ৰ কাষ চাপিছিল। বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত চিকিৎসকদ্বয়ে শিশুটিৰ গ'ল ব্লাডাৰ ষ্টোন হোৱা বুলি ঘোষণা কৰি আৰু শিশুটিক অস্ত্ৰোপচাৰ কৰে । শিশুটিৰ পৰিয়ালৰ অভিযোগ অনুসৰি অস্ত্ৰোপচাৰৰ পাচত কেইদিনমান সকলো ঠিকেই থাকে যদিও শিশুটিৰ পুনৰ সেই অসহ্য পেটৰ বিষ আৰম্ভ হয় | আৰু পৰিয়ালটোৱে ২০১৯ চনৰ ২৮ মে'ত পুনৰ দিছপুৰ হাস্পতালত উপস্থিত হৈ উক্ত চিকিৎসকদ্বয়ৰ কাষ চাপে । চিকিৎসকদ্বয়ে পুনৰ শিশুটিৰ গ'ল ব্লাডাৰ ষ্টোন হোৱা বুলি ঘোষণা কৰি দ্বিতীয় বাৰৰ বাবে শিশুটিৰ অস্ত্ৰোপচাৰ কৰে । কিছু দিনৰ পাচত চিকিৎসকদ্বয়ে শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰি অস্ত্ৰোপচাৰৰ সময়ত বুকুত অস্থায়ী ভাৱে স্থাপন কৰা বিশেষ প্ৰযুক্তিৰ পাইপ ওলোৱাই দিয়াৰ সময় হৈছে বুলি পুনৰ অস্ত্ৰোপচাৰ কৰি পাইপ ডাল উলিয়াই দিয়ে । আৰু পাইপ ডাল উলিয়াই দিয়াৰ কিছু সময়ৰ পাচতে শিশুটিয়ে পেটৰ বিষত চটফটাবলৈ লয়। শিশুটিৰ স্বাস্থ্যৰ অৱনতি হোৱাত চিকিৎসকে শিশুটিক পুনৰ ICU ত ভৰ্তি কৰায়। কিন্তু শিশুটিৰ পৰিয়ালে কৰা অভিযোগ মতে শিশুটিৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ পৰা বিৰত থাকে চিকিৎসক । চিকিৎসাৰ বাবে শিশুটিৰ পিতৃ আৰু মাতৃয়ে চিকিৎসকদ্বয়ক বহু কাকূতি মিনতি কৰে, কিন্তু চিকিৎসকদ্বয়ে চিকিৎসা কৰা দুৰৈৰ কথা ওলোটা তেওঁলোকক প্ৰহাৰ কৰিবলৈ উদ্যত হয় বুলি অভিযোগ কৰে পৰিয়ালটোৱে |পৰৱৰ্তী সময়ত উপায়ন্তৰ হৈ পৰিয়ালটোৱে শিশুটিক গুৱাহাটীস্থিত স্বাগত হাস্পতালত ভৰ্তি কৰে ।বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ ৷ কিন্তু দিছপুৰ হাস্পতালত প্ৰায় ৩ লাখ টকা খৰচ কৰিও সু-চিকিৎসা নোপোৱা পৰিয়ালটোৱে ওলোটাই আৰ্থিক তথা মানসিকভাৱে অপদস্থ হ'ব লগীয়া হয় বুলি অভিযোগ উত্থাপন কৰিছে ।