ETV Bharat / state

দলীয় কৰ্মীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ উচিত তদন্ত দাবী আক্ৰাছুৰ

author img

By

Published : May 27, 2021, 9:15 AM IST

ধুবুৰী জিলা আক্ৰাছুৰ নেতৃবৰ্গ‌ৰ সংবাদমেল সম্বোধন ৷ সংগঠনটোৰ একাংশ সদস্যৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰৰ উচিত তদন্ত বিহিবলৈ প্ৰশাসনক সংবাদমেলৰ জৰিয়তে আহ্বান আক্ৰাছু কৰ্মীসকলৰ ৷

akrasu press meet at golakganj assam etv bharat news
দলীয় কৰ্মীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ উচিত তদন্ত দাবী আক্ৰাছুৰ

গোলকগঞ্জ,27 মে’: এক অপৰাধমূলক গোচৰ সন্দৰ্ভত ধুবুৰী জিলা আক্ৰাছুৰ নেতৃবৰ্গ‌ই বুধবাৰে সম্বোধন কৰে এক সংবাদমেল ৷ বিগত 20 মে’ত সংগঠনটোৰ ছজনীয়া এটা দলে গোলকগঞ্জৰ দক্ষিণ টোকৰেৰছৰাৰ ৰাজীৱ ৰায়ৰ ঘৰত প্ৰৱেশ কৰি অস্ত্ৰ দেখুৱাই নগদ এঘাৰ হাজাৰ টকা লুটি নিয়ে ৷ পৰৱৰ্তী সময়ত ৰায়ে দিয়া এজাহাৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে জয়ন্ত ৰায় নামৰ এগৰাকী ব্যক্তিক ঘটনা সন্দৰ্ভত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

উক্ত বিষয় সন্দৰ্ভতে আক্ৰাছুৱে মঙলবাৰে সম্বোধন কৰে এক সংবাদমেল ৷ উক্ত সংবাদমেলৰ জৰিয়তে সংগঠনটোৰ একাংশ নেতাই উক্ত কাণ্ডত নাম সাঙোৰ খোৱা কেন্দ্ৰীয় কমিটিৰ জিলা প্ৰতিনিধি নিত্যা ৰায়ক আক্ৰাছুৰ পৰা অব্যাহতি দিয়াৰ কথা ঘোষণা কৰে ৷ ৰায় পূৰ্বেও ভিন্ন অপৰাধমূলক গোচৰত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷

আক্ৰাছুৰ সংবাদমেল সম্বোধন

তদুপৰি আদালতে যিসকল ব্যক্তিক দোষী সাব্যস্ত কৰিব, সেইসকলৰ বিৰুদ্ধে সংগঠনটোৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ‘ব বুলি আক্ৰাছু নেতাসকলে সংবাদমেলত সদৰী কৰে ৷ মঙলবাৰে অনুষ্ঠিত হোৱা সংবাদমেলখনত উপস্থিত থাকে ধুবুৰী জিলা আক্ৰাছুৰ সভাপতি ৰামকৃষ্ণ সৰকাৰ আৰু সম্পাদক শ্যাম ৰায় ৷

লগতে চাওকঃ সম্পূৰ্ণ হোৱাৰ পথত বিশ্বৰ অন্যতম পথ সংযোগী সুৰংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.